অসম

assam

By

Published : Jul 20, 2019, 9:22 AM IST

ETV Bharat / state

ৰঙিয়াৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

ৰঙিয়াৰ ২নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । তিনিদিন ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত ৰাইজৰ ক্ষোভ ।

নিশা ৰঙিয়াৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

ৰঙিয়া,20 জুলাই : ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ তিনিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত উত্তেজিত জনতাই ঘেৰাও কৰিলে শক্তি বিভাগৰ কাৰ্যালয়। বিগত তিনিদিন ধৰি বিদ্যুৎ কৰ্তন কৰি ৰখাত ক্ষুব্ধ হৈ ৰাইজে বিভাগটোত অভিযোগ দিবলৈ কোনো বিষয়া-কৰ্মচাৰীক বিচাৰি নাপায় ক্ষুণ্ণ হৈ পৰাৰ লগতে বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইপিনে বিভাগীয় বিষয়া-কৰ্মচাৰীক ৰাইজে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

নিশা ৰঙিয়াৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

ABOUT THE AUTHOR

...view details