বকো, 2 জুলাই: শনিবাৰে কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ উকিয়ামত অৱস্থিত উকিয়াম ৰাজহুৱা প্ৰেক্ষাগৃহৰ চৌহদত উকিয়ামসহ ২৬ খন গাঁও উন্নয়ন সমন্বয় সমিতিৰ সৈতে স্থানীয় ৰাইজে নৱনিযুক্ত উকিয়ামৰ গাঁওবুঢ়াৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই এখন বৈঠক আয়োজন কৰে (Villagers of Ukium protest against newly appointed headman) ৷
উল্লেখ্য যে, উকিয়াম গাঁওখনৰ গাঁৱপ্ৰধান চাম্বাৰলিন মাৰকে কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে । তাৰ পিছত ৰাজ্য চৰকাৰে বিগত ২৫ মে’ত এগৰাকী নতুন গাঁওবুঢ়া নিযুক্তি দিয়ে । তাৰ পিছতে উকিয়ামৰ এটা দলে ২৭ মে’ত কামৰূপ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি এজন বেলেগ গাঁওবুঢ়া নিযুক্তিৰ দাবীৰে এখন স্মাৰকপত্ৰ দাখিল কৰে ।
উকিয়াম অঞ্চলৰ গাঁওবাসীয়ে অভিযোগ অনুসৰি, নৱনিযুক্ত মুৰব্বীজন উকিয়াম গাঁৱৰ বাসিন্দা নহয় । তেওঁ উকিয়ামৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত থকা আন এখন গাঁৱত বাস কৰে ৷ গতিকে, উকিয়াম গাঁৱত যদি কিবা হয়, তেন্তে তেওঁ সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ৷