ছয়গাঁও, 9 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ’ল স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ' ৷ এই লৈ কাহিনীৰ মূল পটভূমি কামৰূপ জিলাৰ ছয়গাঁৱৰ দগাঁও কালাৰদিয়া গাঁৱত এতিয়া আনন্দৰ বন্যা বৈছে ৷
বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ' - সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ'
এইবাৰ অসমৰ শিক্ষাখণ্ডৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ' ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল কাহিনীটো ৷
কাহিনীৰ মূল চৰিত্ৰ ভনীতা দাস আৰু মাতৃ
'ভিলেজ ৰকষ্টাৰ্ছ'ৰ ধুনু নামৰ ছোৱালীজনী আৰু তাইৰ গীতাৰখনৰ কাহিনীটো বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱাক লৈ কাহিনীৰ মূল চৰিত্ৰ ভনীতা দাসে নিজৰ ভাৱ প্ৰকাশ কৰে ৷ গাঁওখনৰ শিশুসকলেও এই খবৰ লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে ৷ ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছে' বিশ্ব দৰবাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱাৰ পাচত এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰি অন্য এক মাত্ৰা প্ৰদান কৰাত স্বাভাৱিকতে আনন্দ প্ৰকাশ কৰিছে সকলোৱে ৷