মিৰ্জা, 9 ডিচেম্বৰ :ৰাইজৰ সভাপতিৰ বাসগৃহৰ চৌহদত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাচতে মৃত যুৱকজনৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ মিৰ্জাৰ উক্ত ঘটনাটোৱে সংবাদ মাধ্যমৰ বাতৰিতো স্থান লাভ কৰিছিল ৷ 7 ডিচেম্বৰত মৃত যুৱকজনৰ পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে শনিবাৰে বিষয়টোৰ সন্দৰ্ভত স্পষ্টিকৰণ দিয়ে ৰাইজৰ সভাপতিগৰাকীয়ে ৷
প্ৰায় তিনি বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ ভোলাগাঁও বহুৱা ৰাইজৰ সভাপতি চিৰাজ আলীৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছিল আচিক আলী নামৰ এজন যুৱকৰ মৃতদেহ । তাৰ পাচতে ঘটনাত চিৰাজ আলীৰ নাম সাঙোৰ খোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ তিনিগৰাকী আত্মীয় ৰঙাঘৰৰ আলহী হৈছিল ৷
পৰৱৰ্তী সময়ত মৃত যুৱকজনৰ পৰিয়ালক ক্ৰমান্বয়ে সমাজৰ পৰা বহিস্কাৰ কৰাৰ দৰে হ’বলৈ ধৰে ৷ ফলত মৃত যুৱকজনৰ অসহায় মাতৃয়ে এসাঁজ অন্নৰ বাবে, চিকিৎসাৰ বাবে আৰু পৰিয়ালটোৰ নিৰপত্তাৰ বাবে কান্দিবলগীয়া হয় । ভোলাগাঁও বহুৱা ৰাইজৰ আক্ৰোশৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে ।
গাঁওখনৰ কোনো লোকে উক্ত পৰিয়ালটোৰ সদস্যক মাতবোল কৰিলেই দহ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া হ’ব বুলিও খবৰ ওলাইছিল ৷ যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয়সকলেও উপায়ন্তৰ হৈও ৰাইজৰ সৈতে সম্পৰ্ক এৰা বুলি জানিব পৰা গৈছে ৷