বাইহাটা, 8 জুন : বাইহাটা চাৰিআলিত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । নাইনা মাৰুটি ৱৰ্কশ্বপ নামৰ গেৰেজত চলিল অভিযান । গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাই ধন দাবী কৰা বুলি বিপুল আহমেদ নামৰ এগৰাকী লোকে অভিযোগ দিয়াত গেৰেজত চলে অভিযান ৷ বিপুল আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে গাড়ী অপহৰণত জড়িত থকা বুলি গোচৰ আছিল বাইহাটা চাৰিআলি আৰক্ষী থানাত । যাৰ বাবে বাইহাটা আৰক্ষীয়ে বিচাৰি আছিল বিপুল আহমেদক ।
বাইহাটাৰ মাৰুটি ৱৰ্কশ্বপত ভিজিলেঞ্চৰ অভিযান - বাইহাটা
বাইহাটা চাৰিআলিৰ নাইনা মাৰুটি ওৱাৰ্কচপ নামৰ গেৰেজত চলিল অভিযান । গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাই ধন দাবী কৰাৰ অভিযোগতে গেৰেজটোত চলে অভিযান ৷
পাচত সেই বিপুল আহমেদেই আৰক্ষীক মেনেজ কৰাৰ বাবে বাৰে বাৰে বিপুল আহমেদে খাটিৰ কৰিছিল নাইনা গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক । নিৰঞ্জন ভূঞাই বন্ধুত্বৰ খাটিৰত যিমান পাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পাচৰ পৰ্যায়ত বিপুল আহমেদে নিৰঞ্জন ভূঞাই ধন দাবী কৰা বুলি দুৰ্নীতি নিবাৰক শাখাত গোচৰ ৰুজু কৰাত শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই বাইহাটা চাৰিআলিৰ নাাইনা গেৰেজত অভিযান চলাই সোধা-পোচাৰ বাবে লৈ যায় স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক । অৱশ্যে এই ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷