অসম

assam

By

Published : Nov 21, 2020, 1:31 PM IST

ETV Bharat / state

বকোত চুৰি ছাগলীসহ বাহন জব্দ

দক্ষিণ কামৰূপৰ বকোত ছাগলী চোৰৰ উপদ্ৰৱ ৷ শেহতীয়াকৈ যাত্ৰীবাহী মহিন্দ্ৰা চুপ্ৰ’ বাহন ব্যৱহাৰ কৰি ছাগলী চোৰ কৰিবলৈ অহা এটি ছাগলী চোৰৰ দলে ৰাইজক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ চুৰি কাৰ্যত ব্যৱহৃত এএছ 25 ডিচি 8791 নম্বৰৰ বাহনখন জব্দ কৰি ছাগলীকেইটা উদ্ধাৰ কৰি ৰাইজে ছমৰীয়া আৰক্ষীক চমজাই দিয়ে ৷

vehicle recovered with full of goat kamrup assam etv bharat news
বকোত চুৰি ছাগলীসহ বাহন জব্দ

বকো,21 নৱেম্বৰ:সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে ছাগলী চোৰৰ চুৰিৰ কৌশল ৷ দক্ষিণ কামৰূপৰ বকোৰ বটিয়ামাৰীত নিত্য নতুন কৌশলেৰে ছাগলী চোৰে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ ৷ শেহতীয়াকৈ যাত্ৰীবাহী মহিন্দ্ৰা চুপ্ৰ’ বাহন ব্যৱহাৰ কৰি ছাগলী চুৰি কৰা চোৰৰ এটা দল চকুত পৰে ৰাইজৰ ৷ বটিয়ামাৰী অঞ্চলত প্ৰায় 11 টাকৈ ছাগলী ব্যতিক্ৰমী প্ৰচেষ্টাৰে চুৰি কৰাৰ সময়তে চোৰৰ দলটোক দেখি হুৱাদুৱা সৃষ্টি কৰে ৰাইজে ৷

প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোত এখন মহিন্দ্ৰা চুপ্ৰ’ বাহনে তহল দি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ বাহনখনৰ এই কাৰ্যত সন্দেহ ওপজাত ৰাইজে অনুসৰণ কৰি ছাগলী চুৰি কৰা প্ৰত্যক্ষ কৰে ৷ ৰাইজৰ উপস্থিতিৰ অনুমান লাভ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰৰ দলটোৱে ৷ চুৰি কাৰ্যত ব্যৱহৃত এএছ 25 ডিচি 8791 নম্বৰৰ বাহনখন জব্দ কৰি ছাগলীকেইটা উদ্ধাৰ কৰি ৰাইজে ছমৰীয়া আৰক্ষীক চমজাই দিয়ে ৷

লগতে চাওকঃ5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰিব পৰা এজন ছাত্ৰ

ABOUT THE AUTHOR

...view details