অসম

assam

By

Published : Feb 15, 2021, 11:59 AM IST

ETV Bharat / state

সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বকোত দেওবাৰে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন । বকো থানা গাঁওৰক্ষী বাহিনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰুমোহন দেৱানৰ সভাপতিত্বত অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱস ।

বকোত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন
বকোত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন

বকো,১৫ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ বকোত দেওবাৰে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । বকো থানা গাঁওৰক্ষী বাহিনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰুমোহন দেৱানৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই প্ৰতিষ্ঠা দিৱস । বকো থানাৰ অন্তৰ্গত টুৰুকপাৰা গাঁৱৰ কেন্দুগুৰি যুৱক সংঘৰ বাকৰিত বকো থানা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কেন্দুগুৰি গাঁৱৰক্ষী বাহিনীৰ সহযোগত উদযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ।

বকোত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় উপস্থিত থাকে । ৰয়ে কয় যে, গাঁও এখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গাঁওৰক্ষী বাহিনীৰ । ১২৩ টা গাঁওৰক্ষী বাহিনীৰ বিষয়-ববীয়াসহ সদস্যসকলৰ লগতে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়, বকোৰ হাঁহিম, জামবাৰী, সোণতলী, মন্দিৰা, লাম্পী আৰক্ষী চকীৰ বিষয়া ক্ৰমে বিক্ৰম বসুমতাৰী, মুন্না পাচনী, অৰ্জুন তালুকদাৰ, কবীন্দ্ৰ ৰাভা, ৰাজু কুৰ্মী আদি ।

বকোত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন

লগতে পঢ়ক:মঙলদৈত প্ৰথমবাৰৰ বাবে চিলা মহোৎসৱ আয়োজন

ABOUT THE AUTHOR

...view details