অসম

assam

ETV Bharat / state

Shiksha Setu app: চলিত বৰ্ষত শিক্ষকৰ খালী পদৰ সংখ্যা হ'বগৈ ১৯ হাজাৰ - শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু

ডিচেম্বৰৰ ভিতৰত অৱসৰ ল'ব ৰাজ্যৰ ৪,২৪৯ গৰাকী শিক্ষকে । ৰাজ্যত প্রাথমিকত ৩,৫০২টা, হাইস্কুলত ৭,৬৯৪টা আৰু উচ্চতৰ মাধ্যমিকত ৩,৫৫৬টা শিক্ষকৰ পদকে ধৰি মুঠ ১৪,৭৫২টা ইতিপূর্বেই খালী হৈ আছে । ডিচেম্বৰত এই সংখ্যা ১৯ হাজাৰলৈ বৃদ্ধি পাব । শিক্ষাসেতু এপত উন্মোচিত হৈছে বহু তথ্য । অন্তর্ভুক্ত কৰিবলৈ বাকী আছে ১,৯৭১গৰাকী শিক্ষক । শিক্ষাসেতু এপত এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই ৯৮,৪০৯গৰাকী শিক্ষাৰ্থীৰ নাম ।

Shiksha Setu app
শিক্ষাসেতু এপৰ তথ্য

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:31 PM IST

গুৱাহাটী, ১০ অক্টোবৰঃ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যত শিক্ষকৰ খালী পদৰ সংখ্যা ১৯ হাজাৰলৈ বৃদ্ধি পাব । ৰাজ্যৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষাসেতু এপৰ যোগেদি লাভ কৰা হৈছে এই তথ্য । চলিত অক্টোবৰ মাহকে ধৰি ডিচেম্বৰলৈ ৰাজ্যৰ চাৰি সহস্ৰাধিক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব । আনহাতে, খালী হৈ থকা পদকে ধৰি এই সংখ্যা ১৯ হাজাৰ হ'ব । লক্ষণীয় বিষয় যে সময় মতে শিক্ষকৰ এই পদসমূহ পূৰণ নকৰিলে চৰকাৰী শিক্ষাখণ্ডত যথেষ্ট প্ৰভাৱ পৰিব ।

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা মতে, শিক্ষাসেতুৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি খালী হ'বলগীয়া পদসমূহ পূৰণ কৰাৰ বাবে আগতীয়াকৈ বিজ্ঞাপন দিয়া হ'ব যাতে শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ নহয় । অৱশ্যে সেয়া প্ৰকৃতাৰ্থত কিমানদূৰ কাৰ্যকৰী হয় সেয়া সময়তহে জানিব পৰা যাব । উল্লেখ্য যে চৰকাৰী শিক্ষা খণ্ডৰ উত্তৰণৰ বাবে শিক্ষা বিভাগে নতুন নতুন পদ্ধতি অৱলম্বন কৰিলেও কিন্তু এতিয়াও শিক্ষকৰ অভাৱ সম্পূৰ্ণ ৰূপে দূৰ হোৱা নাই ।

শিক্ষাসেতু এপৰ তথ্য

ইফালে, শিক্ষক-ছাত্ৰৰ সমানুপাতিক হাৰ ৰক্ষা কৰিবলৈ শিক্ষকৰ বদলি, বিদ্যালয় একত্ৰীকৰণকে ধৰি নতুন নতুন ব্যৱস্থা শিক্ষা বিভাগে গ্রহণ কৰি আহিছে । তৎস্বতেও কিন্তু শিক্ষাৰ্থীৰ অনুপাতে বহু শিক্ষানুষ্ঠানত নাই প্রয়োজনীয়সংখ্যক শিক্ষক । শিক্ষাসেতু এপ প্ৰৱৰ্তন হোৱাৰ পাছত শিক্ষক-শিক্ষাৰ্থীৰ সবিশেষ তথ্য উপলব্ধ হোৱাত বহু বিষয় পোহৰলৈ আহিছে । সেই অনুসৰিয়েই অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যত শিক্ষকৰ খালী পদৰ সংখ্যা ১৯ হাজাৰলৈ বৃদ্ধি পোৱাৰ বিষয়টো স্পষ্ট হৈছে ।

লক্ষণীয় বিষয় যে উপস্থিতি নিশ্চিত কৰি চৰকাৰী শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ তথ্য লাভৰ লক্ষ্যৰে প্রযোজ্য কৰা শিক্ষাসেতু এপক লৈ বৰ্ত্তমান সময়তো অব্যাহত আছে বিতৰ্ক । বিশেষকৈ একাংশ শিক্ষকে ইয়াৰ বিৰোধীতা কৰিছে । কিন্তু বিৰোধীতাৰ মাজতে প্ৰায় সংখ্যক শিক্ষকেই শিক্ষাসেতু এপত তথ্য সন্নিবিষ্ট কৰিছে । যাৰবাবেই বহু তথ্য পোহৰলৈ আহিছে । শিক্ষাসেতু এপৰ তথ্য অনুসৰি ডিচেম্বৰৰ ভিতৰত ৰাজ্যত ৪,২৪৯ গৰাকী শিক্ষকে অৱসৰ ল'ব । শিক্ষাসেতু এপত শিক্ষকে অৱসৰৰ সবিশেষ তথ্য দিয়াৰ বাবে শিক্ষা বিভাগে সহজতে সকলো বিষয় জানিব পাৰিছে ।

শিক্ষাসেতু এপৰ তথ্য

শিক্ষাসেতু এপৰ তথ্য অনুসৰি ৬ মাহৰ ভিতৰত ৭,৪২৬গৰাকী শিক্ষকে অৱসৰ ল'ব । ইফালে, ৰাজ্যত প্রাথমিকত ৩,৫০২টা, হাইস্কুলত ৭,৬৯৪টা আৰু উচ্চতৰ মাধ্যমিকত ৩,৫৫৬টা শিক্ষকৰ পদ ইতিমধ্যেই খালী হৈ আছে । অর্থাৎ মুঠ ১৪,৭৫২ টাশিক্ষকৰ পদ ইতিপূর্বে খালী হৈয়ে আছে । শিক্ষাসেতু এপৰ তথ্য অনুসৰি এই তিনি মাহৰ ভিতৰত ৪,২৪৯ গৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিব । অর্থাৎ ডিচেম্বৰলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানত মুঠ ১৯,০০১ টা শিক্ষকৰ পদ খালী হৈ পৰিব । তেনেস্থলত বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তি দিয়ালৈ যথেষ্ট সময়ৰ প্ৰয়োজন । চৰকাৰী শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ লোৱাৰ পাছতো প্রয়োজনীয় শিক্ষক অবিহনে চৰকাৰী শিক্ষানুষ্ঠানসমূহ চলি আছে ।

উল্লেখ্য যে শিক্ষাসেতু এপত ২,১৪,১৩১ গৰাকী শিক্ষকৰ ভিতৰত নাম অন্তর্ভুক্ত হোৱাৰ বিপৰীতে বাকী আছে ১,৯৭১ গৰাকী শিক্ষক । আনহাতে, শিক্ষাসেতু এপত এতিয়াও ৯৮,৪০৯গৰাকী শিক্ষাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ'বলৈ বাকী আছে । শিক্ষাসেতু এপত এতিয়ালৈ ৪৬,৮৪,৬৪৪ গৰাকী শিক্ষাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে । উল্লেখ্য যে শিক্ষাসেতু এপৰ যোগেদি শিক্ষকৰ সবিশেষ তথ্য লাভ কৰাৰ উপৰি শিক্ষাৰ্থীৰ প্ৰকৃত সংখ্যা জানিব পৰা যাব । সেইদৰে দীৰ্ঘদিন ধৰি ভুবা শিক্ষাৰ্থীৰ নামৰ লুণ্ঠন চলোৱা প্ৰক্ৰিয়াটো এই এপৰ যোগেদি নোহোৱা হ'ব । তদুপৰি বিদ্যালয়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ দৈনিক উপস্থিতিৰ প্ৰকৃত সংখ্যা স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক:Incident at Jamira in Dibrugarh:হৰগৌৰী থিয়েটাৰৰ গেলাৰী ভাঙি আহত ৫০ দৰ্শক

ABOUT THE AUTHOR

...view details