নিউজ ডেস্ক, 13 জানুৱাৰী:আজি মাঘ বিহুৰ উৰুকা ৷ সমগ্ৰ ৰাজ্যতে অসমীয়াৰ বাপোতি সাহোন মাঘ বিহু অৰ্থাৎ ভোগালীক লৈ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে । ক’ৰণাৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ মাজেৰেই ৰাজ্যবাসীয়ে পালন কৰিবলৈ ওলাইছে ভোগৰ উৎসৱ ভোগালী (Assam people celebrates Bhogali Bihu)। লাড়ু-পিঠাকে আদি কৰি তৰহে তৰহে বনোৱা সুস্বাদু খাদ্য সম্ভাৰৰ আমোলমোল গোন্ধ, ঢেঁকীৰ চেৱে সমগ্ৰ ৰাজ্যখনতে সৃষ্টি কৰিছে এক উছৱৰ পৰিৱেশ ।
ৰাজ্যখনৰ প্ৰতিটো অঞ্চলত নিৰ্মাণ কৰা বিভিন্ন আৰ্হিৰ মেজিবোৰে সকলোকে কৰিছে আকৰ্ষিত ৷ ওখ ওখ মেজিবোৰে যেন আকাশহে চুবলৈ হাত মেলিছে, চৌদিশে এনেবোৰ দৃশ্যই এতিয়া পৰিলক্ষিত হৈছে । ক’ভিড 19 ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন বিধি-নিৰ্দেশনাৰ মাজেৰেই বছৰেকৰ বিহুটিৰ উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খোৱাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি ৷
সেয়েহে পুৱাৰে পৰাই ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে চিতল, ৰৌ, ভকুৱা আদি বিভিন্ন মাছেৰে ৷ অৱশ্যে উৰুকা উপলক্ষে মাছ-মাংসৰ দাম কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যদিও ৰৈ থকা নাই গ্ৰাহক ।
চৌদিশে উথপথপ পৰিৱেশ ৷ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ পাৰভঙা উছাহ ৷ ব্যৱসায়ীসকলে বজাৰত ভিন্ন প্ৰকাৰৰ মাছ ওলিয়াই দিছে যদিও ৰাজ্যৰ বিভিন্ন স্থানত মীন বিভাগে জিলা প্ৰশাসনৰ সহযোগত সুলভ মূল্যত মাছ বিক্ৰী কৰাও পৰিলক্ষিত হৈছে ৷ প্ৰচণ্ড শীতৰ লগতে অহা কিনকিনিয়া বৰষুণকো নেওচি পুৱতি নিশাৰে পৰা এনেদৰেই দেখা গ’ল ক্ৰেতা-বিক্ৰেতাৰ খদমদম ৷