অসম

assam

By

Published : May 21, 2020, 10:27 PM IST

ETV Bharat / state

চৰকাৰলৈ বিশেষ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ

লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লক্ষাধিক যুৱক-যুৱতীক অতি সোনকালে অসমলৈ ঘুৰাই আনিবলৈ চৰকাৰলৈ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

UPPL president Promod Bodo's appeal to government
চৰকাৰলৈ বিশেষ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ

ৰঙিয়া, 21 মে': লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লক্ষাধিক যুৱক-যুৱতীক অতি সোনকালে অসমলৈ ঘুৰাই আনিবলৈ চৰকাৰলৈ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ৷ এই বিষয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰেলমন্ত্ৰী পীযুষ গোৱেলক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰমোদ বড়োৱে । লগতে বিশেষ ৰেলেৰে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক ঘুৰাই আনিবলৈ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

চৰকাৰলৈ বিশেষ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ

নেতা গৰাকীয়ে মন্তব্য কৰে যে, এই সংকটৰ সময়ত সকলোৱে লগলাগি যাতে ক'ৰোনাৰ সৈতে যুজ দিব পাৰে তাৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা সকলক সোনকালে অসমলৈ ঘুৰাই আনিব লাগে ৷ লগতে লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলৰ মাজত চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা সাহাৰ্য সমুহ বিতৰণৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক সহায় কৰিবলৈ আহ্বান জনাইছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

লগতে পঢ়কঃ অসমলৈ আহিলে কোৱাৰেন্টাইনত থাকিব লাগিবঃ হিমন্ত

ABOUT THE AUTHOR

...view details