গুৱাহাটী, 25 এপ্ৰিল : ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,এটা দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে ইউনাইটেড শিখ নামৰ সংস্থাটোৱে ৷ উল্লেখ্য যে,দিছপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অধীনস্থ মহমাৰা গাঁৱৰ বিজয় দাস নামৰ আৰ্থিকভাৱে পিছপৰা লোকজনৰ দুৰ্দশাৰ বাতৰি বৃহস্পতিবাৰে ইটিভি ভাৰতত প্ৰচাৰ হোৱাৰ পিছতে পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এই সংস্থাটোৱে ৷ এটা ভঙা জুপুৰিত দশক দশক ধৰি বাস কৰি অহা বিজয় দাসৰ এটা ভাল ঘৰ কিম্বা এসাজ ভালকৈ খাবলৈও অসমৰ্থ ৷ ইটিভি ভাৰতৰ বাতৰিৰ পিছতে এতিয়া ভাল দিন ঘূৰি আহিছে বিজয় দাসৰ জীৱনলৈ ৷
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ - মহমাৰা গাঁৱৰ বিজয় দাস
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ গুৱাহাটীৰ দিছপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অধীনস্থ মহমাৰা গাঁৱৰ বিজয় দাস নামৰ আৰ্থিকভাৱে পিছপৰা লোকজনৰ দুৰ্দশাৰ বাতৰি ইটিভি ভাৰতত প্ৰচাৰ হোৱাৰ পিছতে পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল ইউনাইটেড শিখ নামৰ সংস্থাটোৱে ৷ এটা ভঙা জুপুৰিত দশক দশক ধৰি বাস কৰি অহা বিজয় দাসৰ ই টিভি ভাৰতৰ বাতৰিৰ পিছতে ভাল দিন ঘূৰি আহিছে ৷
![ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6933401-204-6933401-1587798329833.jpg)
দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ
প্ৰায় 20 দিনৰ বাবে চাউল,দালি,আলু,পিঁয়াজ,মিঠাতেল আদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰিছে সংস্থাটোৱে ৷ আনহাতে এই সংস্থাটোৱে বিজয় দাসৰ ভঙা জুপুৰীটোও নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে । কেৱল ইমানেই নহয় সংস্থাটোৱে বিজয় দাসৰ সৰু জীয়ৰীৰ পঢ়াৰ বাবে এবছৰৰ খৰচো বহন কৰিব বুলি সংস্থাটোৰ বিষয়ববীয়া চমু সিং চভ্ৰাই জানিবলৈ দিয়ে ।
দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ
লগতে পঢ়ক : বিগত ২৪ ঘন্টাত ১,৭৫২ গৰাকী কোভিড-১৯ত আক্ৰান্ত : স্বাস্থ্য মন্ত্ৰালয়