হাজো, 3 জানুৱাৰী :হাজোৰ খোপনীকুছিত চাঞ্চল্যকৰ ঘটনা ৷ নিশা দুৰ্বৃত্তই জ্বলালে ইমদাদুল ইছলাম নামৰ লোকজনৰ AS 25 -DC- 8780 নম্বৰৰ মাৰুতি চুজুকি ডিজায়াৰ বাহনখন । দুৰ্বৃত্তই বাহন খনত অগ্নিসংযোগ কৰাৰ পাচতে বাহনখনৰ ৰিম'ট কন্ট্ৰ'লৰ শব্দত সাৰ পাই গৃহস্থৰ লগতে স্থানীয় ৰাইজে আহি বাহনখনৰ জুই নিৰ্বাপণ কৰে । ইমদাদুলে তেঁওৰ ওচৰৰ খৰছেদ আলী নামৰ লোকজনৰ ঘৰত নিয়মিত বাহনখন ৰখাই থয় ৷ ইমদাদুলে গুৱাহাটীৰ পৰা আহি খৰছেদ আলীৰ ঘৰত নিশা গাড়ীখন থৈ ঘৰত থকা অৱস্থাত দুৰ্বৃত্তই জ্বলাই দিয়ে গাড়ীখন । উল্লেখ্য যে, ভাৰত আৰু শ্ৰীলংকাৰ T20 খেলৰ VIP লোক সকলক অনা নিয়াৰ বাবে বাহনখন নিয়োগ কৰা হৈছিল ৷
হাজোত দুৰ্বৃত্তই জ্বলালে মাৰুতি ডিজায়াৰ বাহন - criminal burnt uber at hajo
হাজোৰ খোপনীকুছিত নিশা দুৰ্বৃত্তই জ্বলাই দিলে বাহন ৷ AS 25 -DC- 8780 নম্বৰৰ মাৰুতি চুজুকি ডিজায়েৰ বাহনখনৰ স্বতাধিকাৰী ইমদাদুল ইছলাম ।
হাজোত দুৰ্বৃত্তই জ্বলালে উবেৰ