অসম

assam

ETV Bharat / state

৭৩ তম গণৰাজ্য দিৱসৰ দিনা ৰঙিয়াত উৰিল তিনিখনকৈ আলফাৰ পতাকা - ৰঙিয়াত উৰিল আলফাৰ পতাকা

গণৰাজ্য দিৱসৰ দিনাই ৰঙিয়াত উৰিল আলফাৰ পতাকা (ULFA I flag hoisted in Rangia) ৷ তিনিটাকৈ স্থানত আলফাৰ পতাকা উৰা পৰিলক্ষিত হয় ৰঙিয়াত ৷ আৰক্ষী উপস্থিত হৈ আঁতৰাই আনে পতাকা কেইখন ৷

ULFA I flag hoisted in Rangia
ULFA I flag hoisted in Rangia

By

Published : Jan 26, 2022, 12:48 PM IST

Updated : Jan 26, 2022, 2:30 PM IST

ৰঙিয়া, 26 জানুৱাৰী : ৭৩ তম গণৰাজ্য দিৱসৰ দিনাই ৰঙিয়াত উৰিল আলফাৰ পতাকা (ULFA I flag hoisted in Rangia) ৷ তিনিখনকৈ আলফা স্বাধীনৰ পতাকা উৰিল ৰঙিয়াত । তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ লগতে তুলসীবাৰীৰ পালবস্তীৰ কালিমন্দিৰ আৰু তুলসীবাৰীৰেই সমবায় পথত অচিনাক্ত লোকে আঁৰিলে আলফাৰ পতাকা ।

তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰথম প্ৰত্যক্ষ কৰিছিল উৰি থকা আলফাৰ পতাকাখন । আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলফাৰ পতাকাখন নমাই লৈ যায় থানালৈ । বাকী কেইখন পতাকাও আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত ।

৭৩ তম গণৰাজ্য দিৱসৰ দিনা ৰঙিয়াত উৰিল তিনিখনকৈ আলফাৰ পতাকা

উল্লেখ্য যে, এইবাৰৰ গণৰাজ্য দিৱসত বন্ধ ঘোষণা কৰা নাই আলফা স্বাধীনে ৷ ইয়াৰ লগতে সশস্ত্ৰ প্ৰতিবাদো বৰ্জন কৰিছে সংগঠনটোৱে ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে গণৰাজ্য দিৱসৰ দিনটোত আলফাই সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ উপৰি কোনােধৰণৰ বন্ধ ঘােষণা কৰা নাই (ULFA I doesn't announces bandh in Republic Day)।

সমগ্র বিশ্বতে বর্তমান ক’ভিড মহামাৰীৰ তৃতীয়টো ঢৌৰ সংক্রমণ বৃদ্ধি পাই থকা আৰু বিগত দুটা বছৰত থলগিৰি জনগণৰ জীৱন-জীৱিকাৰ ওপৰত যি নেতিবাচক প্রভাৱ পৰিল, তাৰ পৰিপ্ৰেক্ষিতত আলফাই এইবাৰ গণৰাজ্য দিৱসত সশস্ত্র প্রতিবাদ আৰু বন্ধ ঘােষণা কৰা নাই ।

কিন্তু উক্ত দিনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ঘােষিত ক’ভিডৰ নীতি-নির্দেশনা সম্পূৰ্ণৰূপে মানি ক'লা পতাকা উত্তোলন, ক'লা বেজ পৰিধান আদিৰ লগতে সকলাে ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন তথা মুক্তিকামী ৰাইজক ঔপনিৱেশিক ৰাষ্ট্ৰৰ গণৰাজ্য দিৱসৰ সকলাে কার্যক্রমণিকাত অংশ গ্ৰহণৰ পৰা বিৰত থাকি প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল আলফা স্বাধীনে ।

লগতে পঢ়ক : এইবাৰ গণৰাজ্য দিৱসত বন্ধ নিদিয়ে আলফাই

Last Updated : Jan 26, 2022, 2:30 PM IST

ABOUT THE AUTHOR

...view details