অসম

assam

ETV Bharat / state

সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই - আত্মসমৰ্পণ

সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ তথা বৰ্তমানৰ উপ-মুখ্য সেনাধ্যক্ষ মনােজ ৰাভা ওৰফে দৃষ্টি ৰাজখােৱাই ৷ দৃষ্টিৰ লগত আত্মসমৰ্পণ আন চাৰিজন কেডাৰৰ ৷ দৃষ্টি ৰাজখােৱাক বিচাৰি অসম তথা মেঘালয় আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)এ দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল যদিও চতুৰ নেতাগৰাকীক আটক কৰিবলৈ সক্ষম হােৱা নাছিল ।

ulfa news
ulfa news

By

Published : Nov 12, 2020, 2:17 PM IST

বকো, 12 নবেম্বৰ : বিগত প্ৰায় দুই দশক ধৰি অসম তথা মেঘালয় আৰক্ষীৰ লগতে কেন্দ্ৰীয় চােৰাংচােৱা সংস্থাসমূহৰ বাবে মূৰৰ কামােৰণি হৈ পৰা আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ তথা বৰ্তমানৰ উপ-মুখ্য সেনাধ্যক্ষ মনােজ ৰাভা ওৰফে দৃষ্টি ৰাজখােৱাই অৱশেষত ত্যাগ কৰিলে সশস্ত্ৰ সংগ্ৰাম । দৃষ্টিৰ লগতে ইয়াছিন আলী অসম(২৫,লখিমপুৰ), ৰূপজ্যোতি ৰাভা ওৰফে লম্বু (২৫,কৃষ্ণাই), বাবুল ৰাভা (২২,গোৱালপাৰা),ৰাহুল হাজৰিকা ওৰফে লাডেন (২৭, মৰাণ) নামৰ আন ৪ আলফা (স্বা)ৰ কেডাৰেও আত্মসমৰ্পণ কৰে । আলফা (স্বা) সদস্যসকলৰ As 01 AK 9102 আৰু As 01 EA 4659 নম্বৰ গাড়ী দুখন জব্দ কৰে মেঘালয় আৰক্ষীয়ে। লগতে এটা এ কে ৮১, দুটা ৯ এম এম পিষ্টল, ৯০ টা এ কে ৮১ ৰাইফলৰ সজীৱ গুলী, ৯ টা ৯ এম এম পিষ্টলৰ সজীৱ গুলী আৰু ৮ টা পইন্ট ৩১ পিষ্টলৰ গুলী আৰক্ষীক চমজাই দিয়ে আত্মসমৰ্পণকাৰী আলফা (স্বা)ৰ সদস্যসকলে ।

দৃষ্টি ৰাজখােৱা

উল্লেখ্য যে, পূৰ্বতে মেঘালয়ৰ গাৰাে নেশ্যনেল লিবৰেশ্যন আৰ্মী (জিএনএলএ)ৰ লগতে একাধিক উগ্ৰপন্থী সংগঠনৰ সৈতে যৌথভাৱে অসম তথা মেঘালয়ৰ আৰক্ষীৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল দৃষ্টি ৰাজখােৱাই । কেৱল এয়াই নহয়, দৃষ্টি ৰাজখােৱাৰ পৰিকল্পনা অনুসৰিয়েই অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ আৰু গােৱালপাৰা জিলাত বহু বােমা বিস্ফােৰণ সংঘটিত কৰি বহু লােকক হত্যা কৰিছিল আলফাই । দৃষ্টি ৰাজখােৱাক বিচাৰি অসম তথা মেঘালয় আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)এ দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল যদিও চতুৰ নেতাগৰাকীক আটক কৰিবলৈ সক্ষম হােৱা নাছিল । অৱশেষত বুধবাৰে বিয়লি ৬.৩০ বজাত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ বলবকগ্ৰে গাঁৱৰ সমীপত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে দৃষ্টি ৰাজখােৱাই ।

দৃষ্টি ৰাজখোৱা আৰু সদস্যই জমা দিয়া অস্ত্ৰ-শস্ত্ৰ

উল্লেখ্য যে পৰেশ বৰুৱাৰ পাচতে আলফা (স্বা)ৰ দুই নং নেতা হিচাপে বিবেচিত হােৱা দৃষ্টি ৰাজখােৱাৰ গ্ৰেপ্তাৰে বিশেষ তাৎপৰ্য বহন কৰিছে । বহু ঘাত-প্ৰতিঘাতৰ মাজতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা আস্থাভাজন হিচাপে দায়িত্ব পালন কৰিছিল । ২০১১ চনলৈকে দৃষ্টি আছিল ১০৯ নং বেটেলিয়নৰ কমাণ্ডাৰ । তাৰ পাছৰে পৰা আলফাৰ উপ-মুখ্য সেনাধ্যক্ষৰ দায়িত্বত আছিল দৃষ্টি ওৰফে মনোজ ৰাভা ৷

দৃষ্টি ৰাজখােৱাৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ দৃষ্টি ৰাজখোৱা আছিল ১৯৮৮ বৰ্ষৰ কেডাৰ ৷ ১৯৯৯ বৰ্ষৰ 9 মাৰ্চত দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাৰ পিতৃ-মাতৃক গুলীয়াই হত্যা কৰে গুপ্তঘাতকে ৷ সম্প্ৰতি দৃষ্টি ৰাজখোৱাৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷ দুই সন্তানসহ বাংলাদেশত আছে আলফা নেতাজনৰ পত্নী ৷ পত্নীক পৰিচৰ্যা কৰাৰ বাবে মানৱীয়তাৰ খাতিৰত দৃষ্টি ৰাজখোৱাক আত্মসমৰ্পণৰ অনুমতি প্ৰদান কৰিছে আলফা(স্বা)ৰ শীৰ্ষ মহলে ৷

লগতে পঢ়ক :পুনৰাই পাঠক সমাজৰ মাজলৈ ন-ৰূপত "নতুন পৃথিৱী"

ABOUT THE AUTHOR

...view details