অসম

assam

ETV Bharat / state

ৰঙিয়াত বন বিভাগৰ অভিযান: জব্দ দুটাকৈ কাঠ ফলা মেচিন - wooden fruit machines seized at rangiya

বৃহস্পতিবাৰে কামৰূপ জিলাৰ গাছবাৰী আৰু খেপকুছিত জব্দ দুটাকৈ কাঠ ফলা মেচিন । বন বিভাগৰ তৎপৰতাত জব্দ হয় মেচিন কেইটা ৷ অৱশ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই অবৈধ কাঠ ফলা মিলৰ গৰাকীৰ পলাই যাবলৈ সক্ষম হয় ।

ৰঙিয়াত জব্দ দুটাকৈ কাঠ ফলা মেচিন
ৰঙিয়াত জব্দ দুটাকৈ কাঠ ফলা মেচিন

By

Published : Jun 17, 2021, 5:42 PM IST

ৰঙিয়া,17 জুন: ৰঙিয়াত অব্যাহত আছে বন বিভাগৰ অভিযান । বৃহস্পতিবাৰে কামৰূপ জিলাৰ গাছবাৰী আৰু খেপকুছিত অভিযান চলাই বন বিভাগে জব্দ কৰে দুটাকৈ কাঠ ফলা মেচিন ।

ৰঙিয়া খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বৃহস্পতিবাৰে চলাই এই অভিযান আৰু উচ্ছেদ কৰে দুটাকৈ কাঠ ফলা মিল । অৱশ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই অবৈধ কাঠ ফলা মিলৰ গৰাকীজনে পলায়ন কৰে ।

উল্লেখ্য যে, কেইবাটাও কাঠ ফলা মিলত অভিযান চলালে যদিও এজন লোককো আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো । শেহতীয়াভাৱে ৰঙিয়াত এনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰঙীয়া বন বিভাগ ৷

লগতে পঢ়ক:আজিও অৱহেলিত চৰাইদেউৰ দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details