অসম

assam

By

Published : Sep 26, 2020, 10:10 AM IST

ETV Bharat / state

মহানগৰীৰ ৰাণীত দুই বন্যহস্তীৰ কৰুণ মৃত্যু

মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু । খাদ্যৰ সন্ধানত ওলাই আহি মৃত্যুক সাৱতিলে দুই হস্তীয়ে ৷

Two wild elephants died at Rani
মহানগৰীৰ ৰাণীত দুই বন্যহস্তীৰ কৰুণ মৃত্যু

দক্ষিণ কামৰূপ/আজাৰা, 26 ছেপ্তম্বৰ :মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু । খাদ্যৰ সন্ধানত ওলাই অহা দুই বন্যহস্তীয়ে কৰণভাৱে মৃত্যুক সাৱতিব লগা হয় । স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী দল ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহন কৰে ।

মহানগৰীৰ ৰাণীত দুই বন্যহস্তীৰ কৰুণ মৃত্যু

বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, মতা হাতীটোৰ বয়স প্ৰায় 40 বছৰ আৰু মাইকী হাতীজনীৰ বয়স 30 হ'ব । উল্লেখ্য যে, অঞ্চলটোত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চললৈ খাদ্যৰ সন্ধানত বন্যহস্তী নামি আহে ।

লগতে পঢ়ক :একেসময়তে দুটাকৈ শক্তিক প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা

ABOUT THE AUTHOR

...view details