বকো,8 ফেব্ৰুৱাৰীঃবিগত দুদিনত বকোৰ পৃথক পৃথক স্থানত মৃত্যু ঘটে দুটাকৈ বনৰীয়া হাতীৰ ৷ প্ৰথমটো হাতী মৃত অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বকোৰ অন্তৰ্গত চুকুনীয়াপাৰাৰ পুখুৰীপাৰত ৷ পুৱতি নিশা মৃত্যুক সাৱটি লোৱা প্ৰায় ২০ বছৰীয়া হাতীটোৰ সোঁ-ভৰিত পুৰণি আঘাতৰ চিন স্পষ্ট হৈ আছে । ইপিনে,হাতীটোৰ মৃত্যুৰ পিছত দুৰ্বৃত্তই দাঁত,শুৰ আদি অংগসমূহ কাটি লৈ যায়। বন্দাপাৰা বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া তথা কৰ্মী ৷ দক্ষিণ পুখুৰীপাৰৰ আঞ্চলিক জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ পিছফালে উদ্ধাৰ হয় উক্ত মৃত হাতীটো ৷
বকোৰ ভিন্ন স্থানত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু - গামেৰিমুৰাৰ বাকাৰাপাৰা
দুদিনত বকোৰ পৃথক পৃথক স্থানত মৃত্যু ঘটে দুটাকৈ বনৰীয়া হাতীৰ ৷ প্ৰথমটো হাতী মৃত অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বকোৰ অন্তৰ্গত চুকুনীয়াপাৰাৰ পুখুৰীপাৰত ৷ গামেৰিমুৰাৰ বাকাৰাপাৰাত শুকুৰবাৰে উদ্ধাৰ হয় আনটো মৃত হাতী ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ অধীনষ্ঠ এলেকাত দুয়োটা ঘটনা সংঘটিত হয় ৷
বনৰীয়া হাতীৰ মৃত্যু
আনহাতে,গামেৰিমুৰাৰ বাকাৰাপাৰাত শুকুৰবাৰে উদ্ধাৰ হয় আনটো মৃত হাতী ৷ এখন কল বাগানৰ সমীপত উদ্ধাৰ হোৱা হাতীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই ৷ অঞ্চলটোৰ বাসিন্দাসকলে প্ৰকাশ কৰা অনুসৰি নিশা হাতীটোৰ তীব্ৰ চিঞৰ শুনা গৈছিল ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ অধীনষ্ঠ এলেকাত দুয়োটা ঘটনা সংঘটিত হয় ৷
লগতে চাওকঃবকোত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই যুৱক