অসম

assam

By

Published : Aug 6, 2023, 4:17 PM IST

Updated : Aug 8, 2023, 1:48 PM IST

ETV Bharat / state

Rangia Suicide case: গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

হাবিৰ মাজত এডাল গছত একেডাল ৰছীৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ দুজনী ছোৱালীৰ মৃতদেহ । সম্পৰ্কত দুয়ো ভগ্নী । ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ একাংশৰ । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Rangia Suicide case
গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

ৰঙিয়া, ৬ আগষ্ট :কামৰূপ জিলাৰ ৰঙিয়াত ৰহস্যজনক ঘটনা । ঘন জংঘলৰ মাজত উদ্ধাৰ দুজনী ছোৱালীৰ মৃতদেহ । এডাল গছতে চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ দুটা । ধৰ্ষণৰ বলি দুয়োজনীয়ে তেনেদৰে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে ।

ঘটনাটো ৰঙিয়াৰ তুলসীবাৰীৰ মাঁহতলীৰ । শনিবাৰে একাংশ স্থানীয় লোকে মৃতদেহ দুটা গছত ওলমি থকা প্ৰত্যক্ষ কৰে । দুয়োগৰাকীৰ বয়স ক্ৰমে 19 আৡু 17 বুলি জানিব পৰা গৈছে ৷ মৃত দুয়োগৰাকী ছোৱালী সম্পৰ্কীয় ভগ্নী আছিল । যোৱা ১ আগষ্টৰ দিনা দুয়ো আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যাম বুলি নিজৰ বাসগৃহৰ পৰা ওলাই আহিছিল । তেতিয়াৰ পৰা দুয়োগৰাকীৰে সৈতে পৰিয়ালৰ লোকৰ কোনো যোগাযোগ নাছিল ।

আৰ্থিকভাৱে দুৰ্বল পৰিয়াল দুটাই ভাবিছিল যে তেওঁলোক আত্মীয়ৰ ঘৰতেই আছে । কিন্তু শনিবাৰে মাঁহতলীৰ নিৰ্জন ঠাইখিনিত দুৰ্গন্ধ বিয়পি পৰাত স্থানীয় ৰাইজে অনুসন্ধান কৰি দুয়োগৰাকীৰ মৃতদেহ এডাল গছত একেডাল ৰছীৰে ওলমি থকা অৱস্থাত প্ৰত‍্যক্ষ কৰে । স্থানীয় ৰাইজে পাচত আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ দুটা গছৰ পৰা নমাই আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কিন্তু তেওঁলোকে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি তেনেকৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ? সেয়া এতিয়া ডাঙৰ ৰহস‍্য । তেওঁলোকক ধৰ্ষণ কৰাৰো সন্দেহ কৰিছে একাংশ লোকে । অৱশ্যে আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে সকলো ৰহস্য পোহৰলৈ আহিব । ইফালে এই ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে জনোৱা মতে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাচতহে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো সিদ্ধান্ত ল'ব পাৰিব ।

লগতে পঢ়ক :Pregnant woman attacked: মৰিয়নীত নিশাৰ নিৰৱতা ভেদিলে নিযাৰ্তিতা অন্তঃসত্বা মহিলাৰ চিঞৰে

Last Updated : Aug 8, 2023, 1:48 PM IST

ABOUT THE AUTHOR

...view details