অসম

assam

By

Published : Aug 6, 2021, 10:08 PM IST

ETV Bharat / state

উপটৌকন নাকচ কৰি অপৰাধীক কৰায়ত্ত কৰা দুই আৰক্ষীক সম্বৰ্ধনা

সততে বিভিন্ন অভিযোগৰ সন্মুখীন হোৱা অসম আৰক্ষীক জনমানসত পুনৰ বাৰ সততা আৰু নিষ্ঠাৰ প্ৰতীক ৰূপে প্ৰতিষ্ঠা কৰিলে দদৰা আৰক্ষী চকীৰ এজন বিষয়াৰ লগতে এজন কনিষ্টবলে ৷ যাৰ বাবে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুয়োগৰাকীকে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

two-policemen-felicitated-at-guwahati-who-rejected-bride-and-arrested-the-criminals
উপটৌকন নাকচ কৰি অপৰাধীক কৰায়ত্ত কৰা দুই আৰক্ষীক সম্বৰ্ধনা

গুৱাহাটী,6 আগষ্ট: প্ৰায় 1 কোটি টকা মূল্যৰ সোণৰ টোপোলাৰ উপটৌকন প্ৰত্যাখ্যান কৰি 2 কিলো 21 গ্ৰাম ওজনৰ 19 খন সোণৰ বিস্কুট সহ দুজন সোণ সৰবৰাহকাৰীক আটক কৰা দদৰা আৰক্ষী চকীৰ দুই আৰক্ষীক সম্বৰ্ধনা ৷ শুকুৰবাৰে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় দুয়ো গৰাকী আৰক্ষীক ৷ শেহতীয়াকৈ কোটি টকাৰ উৎকোচ প্ৰত্যাখান কৰি দুজন সোণ সৰৱৰাহকাৰীক আটক কৰিছিল এই দুই আৰক্ষী ক্ৰমে দদৰা আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক কুমুদ তালুকদাৰ আৰু কনিষ্টবল তনুক চন্দ্ৰ দাসে ৷

নিজ কৰ্মৰ বাবে শীৰ্ষ বিষয়াৰ দ্বাৰা সম্বৰ্ধনা লাভ কৰি আৱেগিক হৈ পৰিল আৰক্ষী বিষয়া কুমুদ তালুকদাৰৰ লগতে কনিষ্টবল তনুক চন্দ্ৰ দাস ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম আৰক্ষীক নতুন ৰূপত আৰু নতুন গতিত সজাই তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আৰক্ষী বিষয়া গৰাকীৰ চকুত দেখা গ'ল চকুলো ৷ শীৰ্ষ বিষয়াৰ দ্বাৰা পুৰস্কৃত হৈ স্বাভাৱিকতে আবেগিক হৈ পৰিল দুই জন সৎ আৰক্ষী ৷ এইধৰণৰ সম্বৰ্ধনা পাই সুখী বুলি জনালে আৰক্ষী বিষয়া গৰাকীৰ লগতে তানুক চন্দ্ৰ দাসে ৷

উল্লেখ্য যে, সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰক্ষী বিষয়া গৰাকীৰ লগতে তানুক চন্দ্ৰ দাসক ৷ পুৰস্কাৰ লাভ কৰাৰ পাছতে "আমি কোনো পুৰস্কাৰৰ আশাত কাম কৰা নাই । নিজ দায়িত্ব সততাৰে পালন কৰাৰ বাবেই আমাক পুৰস্কৃত কৰা হৈছে" বুলি মন্তব্য কৰিছে কুমুদ তালুকদাৰে ৷

উপটৌকন নাকচ কৰি অপৰাধীক কৰায়ত্ত কৰা দুই আৰক্ষীক সম্বৰ্ধনা

লগতে এই পুৰস্কাৰে অধিক উৎসাহেৰে তথা সততাৰে কাম কৰাৰ বাবে প্ৰেৰণা দিব বুলি মন্তব্য কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ উল্লেখ্য যে, অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত নানা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দুয়ো গৰাকী আৰক্ষী জোৱানে শকত পৰিমানৰ উৎকোচ অস্বীকাৰ কৰি খাকী পোচাকৰ মান মৰ্যদা আৰু এখোপ ওপৰলৈ দাঙি ধৰিব সক্ষম হৈছে ৷ যাৰ বাবে দুয়োজন কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠা আৰু সততাক উচ্চ প্ৰশংসা কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়কঃঅসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়,অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, ডি এছ পি কল্যাণ পাঠক ৷ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ব্ৰজেন জিৎ সিনহাই সম্বৰ্ধনা জনালে আৰক্ষী বিষয়া গৰাকীৰ লগতে কনিষ্টবল গৰাকীক ৷

লগতে পঢ়কঃগ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

ABOUT THE AUTHOR

...view details