অসম

assam

ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত দুই কয়লা মাফিয়া

বশিষ্ঠত এজন ট্ৰাক চালকক অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰা দুই কয়লা মাফিয়াক অৱশেষত গ্ৰেপ্তাৰ

By

Published : Mar 6, 2019, 5:40 PM IST

bd

গুৱাহাটী,6 মাৰ্চ: যোৱা কিছুদিন পূৰ্বে মহানগৰীৰ বশিষ্ঠত এজন ট্ৰাক চালক অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰা দুই কয়লা মাফিয়া অৱশেষত আৰক্ষীৰ জালত । তথ্য অনুসৰি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কয়লা মাফিয়া তথা মূল অভিযুক্ত কেইজন অশোক নাথ আৰু ৰমেশ ৰায় ।

VIDEO


যোৱা 20 ফেব্ৰুৱাৰীত কয়লা কঢ়িওৱা ট্ৰাক চালক তপন বড়োক বৰ্বৰতাৰে আক্ৰমণ কৰিছিল দুই কয়লা মাফিয়া । অকল মাৰ-ধৰ কৰাতেই ক্ষান্ত নাথাকি মাফিয়া কেইটাই ওৰে নিশা শিকলিৰে বান্ধি ৰখাৰ লগতে চচিয়েল মিডিয়াৰ যোগে ভিডিঅ বনাই প্ৰচাৰ কৰিছিল । উল্লেখ্য যে ট্ৰাকখনত কঢ়িয়াই অনা কয়লা চালকজনৰ অজ্ঞাতে ট্ৰাকৰ হেণ্ডিমেন জনে বিক্ৰী কৰিছিল গোলাঘাটত । কয়লা মাফিয়াই হেণ্ডিমেন জনক বিচাৰি নোপোৱাত চালকজনকে এই দৰে প্ৰহাৰ কৰিছিল ।

ABOUT THE AUTHOR

...view details