অসম

assam

By

Published : Jan 3, 2022, 2:04 PM IST

ETV Bharat / state

কমলপুৰত নীলা কেৰাচিনৰ ক’লা বেহা : জব্দ 1400 লিটাৰ কেৰাচিন

কমলপুৰত কেৰাচিন তেলৰ ৰমৰমীয়া বেহা (Sale of Illegal kerosene at Kamalpur) ৷ সহজ ধন ঘটাৰ স্বাৰ্থত কমলপুৰত চলিছে কেৰাচিন তেলৰ চোৰাং ব্যৱসায় ৷

two people arrested with 1400 liter kerosene oil at Kamalpur
কমলপুৰত কেৰাচিন তেলৰ চোৰাং ব্যৱসায়

কমলপুৰ, 3 জানুৱাৰী : কেৰাচিন তেলৰ অভাৱনীয় নাটনিৰ মাজতে কমলপুৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাংকৈ অনা প্ৰায় 1400 লিটাৰ কেৰাচিন তেল (Illegal kerosene oil sized at Kamalpur) ৷ এক গোপন সূত্ৰৰ পম খেদি কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন বৰুৱাৰ নেতৃত্বত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ কেৰাচিন ভৰ্তি এখন বাহন (Illegal kerosene oil van sized) ৷ উক্ত বাহনখনৰ লগতে দুই অসাধু তেল সৰবৰাহকাৰী ক্ৰমে ছহিদুল আৰু বাহাৰুলক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷

কমলপুৰত কেৰাচিন তেলৰ চোৰাং ব্যৱসায়

এই বৃহৎ পৰিমাণৰ কেৰাচিনখিনি পালাৰাস্থিত জনৈক কুশল কলিতাৰ তেল ডিপোৰ পৰা ক্ৰয় কৰা বুলি জানিবলৈ দিয়ে সৰবৰাহকাৰী দুজনে ৷ ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সহজ ধন ঘটাৰ উদ্দেশ্যে দীৰ্ঘদিন ধৰি এই তেল ডিপোটোৱে সুলভ মূল্যৰ কেৰাচিন তেলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি আহিছিল ৷ ইয়াৰ বিপৰীতে অসাধু লোকৰ সৈতে মিলি ডিপোটোৱে কেৰাচিন তেলৰ ৰমৰমীয়া বেহা চলাই আহিছে ৷ এই অভিযোগৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ কেৰাচিন তেল জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জব্দ কৃত কেৰাচিন তেলখিনি অসাধু ব্যৱসায়ী কেইজনে পেট্ৰ’লৰ লগত মিহলাই বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :অসম-ত্ৰিপুৰা সীমান্তত সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায়

ABOUT THE AUTHOR

...view details