বকো, 20 জুন : গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে ৷ নিহত লোক দুজন হৈছে কৃষ্ণাইৰ নৱকান্ত ৰাভা আৰু গুৱাহাটী মালিগাঁৱৰ খৰু দাস ৷
ঘটনাৰ বিৱৰণী অনুসৰি,দুধনৈৰ আমজোঙা 17নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা । মাৰুতি ভান আৰু ভাৰনা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় ৷ এ এছ ০১ এ কে ৯৩৯৪ নম্বৰৰ ভাৰনা বাহনখন গোৱালপাৰাৰ দিশে আৰু এ এছ ১৮ ই ৭৩২৫ নম্বৰৰ মাৰুতি ভানখন গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ সময়তে মুখামুখি সংঘৰ্ষ হয় ।