ৰঙিয়া, ২৮ জানুৱাৰী :শনিবাৰে পুৱা ৰঙিয়াৰ তিনিআলিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত দুগৰাকী লোকৰ থিতাতে মৃত্যু হয় (tragic road accident at Rangia) । এখন ডাম্পাৰে বাইকত গৈ থকা দুগৰাকী ব্যক্তিক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় (bike dumper clash at Rangia) । দুৰ্ঘটনাটোত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ৰঙিয়াৰ গোগমালাচাৰ নজিম আলী আৰু নাৰায়ণ গাঁৱৰ হাতিম আলী (two killed by dumper at Rangia) ।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS-25-EC-9359 । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক তথা হেণ্ডিমেনে ডাম্পাৰখন দুৰ্ঘটনাস্থলীতে এৰি পলায়ন কৰে (two killed at Rangia road accident) । ঘটনা অনুসৰি, ৰঙিয়া বজাৰৰ দিশৰ পৰা অহা এখন ডাম্পাৰে ৰঙিয়াৰ তিনিআলিত একেদিশে গৈ থকা এখন বাইকত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত উপস্থিত ক্ষুব্ধ লোকসকলে ডাম্পাৰখনত অগ্নিসংযোগ কৰে ।
আনহাতে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছত উপস্থিত ৰাইজে মৃতদেহ চমজি ল'বলৈ বাধা প্ৰদান কৰাৰ লগতে দপদপাই জ্বলি থকা ডাম্পাৰৰ অগ্নি নিৰ্বাপণৰ ক্ষেত্ৰতো অগ্নিনিৰ্বাপক বাহিনীক বাধা প্ৰদান কৰে । ক্ষোভিত ৰাইজে ঘটনাস্থলীত প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ অভিযোগ অনুসৰি, অনিয়ন্ত্ৰিতভাৱে চলি থকা ডাম্পাৰৰ বাবে শনিবাৰে পুৱা ৰঙিয়াৰ দুগৰাকী লোকৰ প্ৰাণহানি হয় ।