সোণাপুৰ 28 জুনঃ অসমত অব্যাহত আছে ৰমৰমীয়া গৰুৰ চোৰাং বেহা৷ তাৰ পুনৰ প্ৰমান পোৱা গ’ল শুকুৰবাৰে৷ মহানগৰীৰ সমীপৰ সোণাপুৰৰ ডিগাৰু গেটত শুকুৰবাৰে পুৱা অসমৰ পৰা মেঘালয়লৈ গৈ থকা অৱস্থাত দুখন ট্ৰাকৰ এখন ট্ৰাকে আনখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় চোৰাং ভৰ্তি গৰুৰ ট্ৰাক খন৷
সোণাপুৰত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা জব্দ ১০০ গৰু
অসমত অব্যাহত আছে ৰমৰমীয়া গৰুৰ চোৰাং বেহা ৷ তাৰ পুনৰ প্ৰমান পোৱা গ’ল শুকুৰবাৰে ৷ মহানগৰীৰ সমীপৰ সোণাপুৰৰ ডিগাৰু গেটত শুকুৰবাৰে পুৱা অসমৰ পৰা মেঘালয়লৈ গৈ থকা অৱস্থাত এখন ট্ৰাকে আনখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় চোৰাং গৰু ভৰ্তি এখন ট্ৰাক ৷
সোণাপুৰত দুখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত , প্ৰায় ১০০ গৰু জব্দ
যাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জটৰ সৃষ্টি হয় । দুৰ্ঘটনাৰ পিছত দুখ ট্ৰাকৰ চালক আৰু হেণ্ডিমেন গাড়ী থৈ পলায়ন কৰে । জানিব পৰা মতে উক্ত ট্ৰাকদুখনত প্ৰায় ১০০ গৰু উজনি অসমৰ পৰা মেঘালয়লৈ বিক্ৰী কৰাৰ বাবে লৈ যোৱা হৈছিল । জব্দকেইটা গৰুৰ মূল্য প্ৰায় দহ লাখতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা গ্ৰস্থ ট্ৰাক দুখনৰ নম্বৰ এ এছ ০১ বিডি ৬৫৯৯ আৰু এ এছ ০১ ই চি ৭৮৭৫ ।