অসম

assam

ETV Bharat / state

শ্বিবানী আৰু সীমাৰ দুখবোৰ কোনে মচিব !! - দুগৰাকী অসহায় যুৱতী

ফুল যেন জীৱনটোৰ পাহি মেলোতেই ক্ৰমশঃ মোচৰ খাইছে সপোনবোৰ ৷ দুগৰাকী উঠি অহা যুৱতীৰ হৃদয়বিদাৰক ঘটনাই চুব পাৰিবনে সমাজৰ কোনোবা কোণক ? চৰকাৰ তথা সুহৃদয়ৱান ব্যক্তিলৈ সহায় ভিক্ষা যুৱতীৰ ৷

দুগৰাকী অসুস্থ তথা অসহায় যুৱতীৰ কৰুণ বিননি

By

Published : Nov 8, 2019, 5:31 PM IST

ৰঙিয়া, দক্ষিণ কামৰূপ, 8 নৱেম্বৰঃৰঙিয়া আৰু দক্ষিণ কামৰূপৰদুগৰাকী যুৱতী ৷ ৰঙিয়াৰ তুলসীবাৰীৰ শ্বিবানী দাস আৰু দক্ষিণ কামৰূপ মিৰ্জাৰ সীমা কলিতাৰ ফুল যেন জীৱনটোৰ পাহি মেলোতেই ক্ৰমশঃ মোচৰ খাইছে সপোনবোৰ ৷ যোৱা 2 বছৰৰ পৰা হৃদৰোগত আক্ৰান্ত শ্বিবানী দাস নামৰ যুৱতীগৰাকী ৷ দিনে নিশাই চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীয়ে ৷ দৰিদ্ৰ পৰিয়ালটোৱে কন্যাৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি, হালৰ গৰু বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈছে ৷ জীয়ৰীক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন হোৱা লক্ষাধিক টকাৰ ধন যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ পৰিয়ালটো । চৰকাৰৰক উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় কৰিবলৈ আহ্বান জনাইছে । লগতে শ্বিবানীক সুস্থ কৰি তুলিবলৈ সুহৃদয়ৱান ব্যক্তি অথবা দল-সংগঠনে সহায় কৰিব বিচাৰিলে 6900957771নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে । নাইবা শ্বিবানীৰ মাতৃ শান্তি দাসৰ SBI ৰ ৰঙিয়া বজাৰ শাখাৰ 36999947797 নম্বৰৰ একাউন্টত আগবঢ়াব পাৰিব অনুদান ৷

দুগৰাকী অসুস্থ তথা অসহায় যুৱতীৰ কৰুণ বিননি
সেই একেই পৰিস্থিতি মিৰ্জাৰ সীমা কলিতাৰো ৷ দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃহাৰা যুৱতীগৰাকীৰ এতিয়া বিকল দুয়োটি বৃক্ক । সীমাই ঘৰৰ সমস্ত দ্বায়িত্ব লৈ কিছুদিন পূৰ্বে এটি কোম্পানীত কামত যোগদান কৰি পৰিয়ালটো কোনোমতে চলাবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷ অসুস্থ হৈ পৰিল পৰিয়ালটোৰ সমস্ত দ্বায়িত্ব মূৰ পাতি লোৱা যুৱতীগৰাকী ৷ এতিয়া যুৱতীগৰাকীৰ দুয়োটা বৃক্কই বিকল । চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি আশাৰে বাট চাইছে ৰাইজলৈ । সীমাক সহায় কৰিবলৈ যোগাযোগ কৰক ,7086465237নম্বৰত ৷ অথবা আৰ্থিক অনুদান আগবঢ়াব পাৰিব সীমাৰ মাতৃৰ বেংক একাউন্টত ৷ account no: 2189977521
IFSC code: CBIN0283207
Branch:-Mirza
Mobile number: 9127197073

ABOUT THE AUTHOR

...view details