ৰঙিয়া, 24 নৱেম্বৰ :অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষী(Assam Police) কঠোৰ হৈ পৰিলেও ইয়াৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বৰ্তমানেও অপৰাধৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ নলবাৰী ৰে’ল ষ্টেচন (Nalbari Railway Station)ত তহলদাৰী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই সন্দেহযুক্ত মানৱ দেহ সৰবৰাহকাৰী (Human Traffickers)ৰ পৰা উদ্ধাৰ কৰে দুগৰাকী যুৱতীক ৷
লগতে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী মহিলা আৰু এজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা দুই যুৱতীৰ ঘৰ দৰং জিলাৰ দলগাঁৱত বুলি জানিব পৰা গৈছে । আনহাতে, আটকাধীন মহিলাগৰাকীৰ ঘৰ দৰঙৰ বেচিমাৰীত আৰু যুৱক আচগৰ আনচাৰীৰ ঘৰ ঝাৰখণ্ডৰ পুপাকুৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
নলবাৰীত মানৱ দেহ সৰবৰাহকাৰীৰ পৰা যুৱতী উদ্ধাৰ আৰক্ষীয়ে সদৰী কৰা মতে, মঙলবাৰে বিয়লি ভাগত সন্দেহযুক্ত সৰৱৰাহকাৰীয়ে দুই যুৱতীক কেৰালাৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভন দিছিল ৷ সেইমৰ্মে যুৱতী দুগৰাকীক ৰে’লেৰে নিবলৈ ওলোৱা মুহূৰ্ততে গুৱাহাটী-তাম্বুৰাম এক্সপ্ৰেছ (Guwahati Tamburam Express)ত ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে যুৱতী দুগৰাকীক ।
ইয়াৰ পাচত যুৱতী দুগৰাকী আৰু সন্দেহযুক্ত সৰবৰাহকাৰীক ৰঙিয়াৰ জিআৰপি থানা (Rangiya GRP Police Station)ত চমজাই দিয়ে তহলদাৰী ৰে’লৱে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ দৰিদ্ৰতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ কিশোৰী-যুৱতীক মানৱ দেহ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।
লগতে পঢ়ক :Drugs Peddler Arrest : গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন