অসম

assam

ETV Bharat / state

শোকাৱহ দুৰ্ঘটনাঃ ট্ৰেক্টৰৰ চেপাত নিহত দুই কিশোৰী - ট্ৰেক্টৰৰ চালকক

আনহাতে, ইতিমধ্যে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে ঘটনা সংঘটিত কৰা ট্ৰেক্টৰৰ চালকক ৷ জানিব পৰা মতে, ব্ৰহ্মপুত্ৰ নৈৰ পৰা অবৈধ বালি খনন কৰি কঢ়িয়াই আনিছিল ট্ৰেক্টৰখনে ।

ছয়গাঁৱৰ জোৰশিমুলিত ট্ৰেক্টৰৰ চেপাত নিহত দুই কিশোৰী
ছয়গাঁৱৰ জোৰশিমুলিত ট্ৰেক্টৰৰ চেপাত নিহত দুই কিশোৰী

By

Published : May 3, 2020, 12:53 PM IST

ছয়গাঁও, 3 মে: লক্​ ডাউনৰ মাজতে শনিবাৰে ছয়গাঁৱৰ জোৰশিমুলিত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। খেলি থকা অৱস্থাত এখন ট্ৰেক্টৰৰ চেপাত নিহত হয় নাৰ্জিমা আখতাৰ আৰু নাচিমা আখতাৰ নামৰ দুই কিশোৰী । আনহাতে আঘাতপ্ৰাপ্ত হয় হাচিনা আখতাৰ আন এগৰাকী কিশোৰী। জানিব পৰা মতে, নিজ বাসগৃহৰ সন্মুখত তিনি ভগ্নীয়ে খেলি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখনে সংঘটিত কৰে এই দুৰ্ঘটনা । আঘাতপ্ৰাপ্ত কিশোৰীক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

ছয়গাঁৱৰ জোৰশিমুলিত ট্ৰেক্টৰৰ চেপাত নিহত দুই কিশোৰী

আনহাতে, ইতিমধ্যে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে ঘটনা সংঘটিত কৰা ট্ৰেক্টৰৰ চালকক ৷ জানিব পৰা মতে, ব্ৰহ্মপুত্ৰ নৈৰ পৰা অবৈধ বালি খনন কৰি কঢ়িয়াইছিল ট্ৰেক্টৰখনে।

আনহাতে, উক্ত দুৰ্ঘটনাত দুগৰাকী কিশোৰী নিহতক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে জোৰশিমুলি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰ বাহনত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰাৰ ফলত গৰৈমাৰী আৰক্ষীৰ AS-30-6667 নম্বৰৰ বাহনখন ক্ষতিগ্ৰস্ত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ছয়গাঁও আৰক্ষী আৰু CRPF উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ABOUT THE AUTHOR

...view details