অসম

assam

By

Published : Dec 8, 2020, 5:08 PM IST

ETV Bharat / state

মৎস‍্য উৎপাদনেৰে স্বনিৰ্ভৰশীলতাৰ পথ বাছি ল'লে দুই শিক্ষিত যুৱকে

বাণিজ্য শাখাত প্ৰথম বিভাগত স্থান লাভ কৰা প্ৰীতম আৰু পেৰামেডিকেলৰ ছাত্ৰ হীৰকে বায়'ফ্লক পদ্ধতিৰে আৰম্ভ কৰিছে মৎস্য উৎপাদন ৷ বৰ্তমান লাভজনক অৱস্থাত দুই যুৱক ৷

Two educated youth choose the path of self-dependency by fishing
মৎস‍্য উৎপাদনেৰে স্বনিৰ্ভৰশীল

ৰঙিয়া, 8 ডিচেম্বৰ: বৰ্তমান সময়ৰ চাকৰি মূখী প্ৰৱণতাৰ পৰা সম্পূৰ্ণ বিপৰীতে গৈ ৰঙিয়াৰ দুজন উচ্চ শিক্ষিত যুৱকে মৎস্য পালনেৰে স্বনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে । যুৱক দুজন হৈছে ৰঙিয়া গুৰকুছিৰ প্ৰীতম কলিতা আৰু হীৰক জ‍্যোতি দাস । বাণিজ্য শাখাত প্ৰথম বিভাগত স্থান লাভ কৰা প্ৰীতম আৰু পেৰামেডিকেলৰ ছাত্ৰ হীৰকে প্ৰায় ডেৰ বছৰ পূৰ্বে আৰম্ভণি কৰিছিল বায়'ফ্লক পদ্ধতিৰে মৎস‍্য উৎপাদন প্ৰক্ৰিয়া ।

মৎস‍্য উৎপাদনেৰে স্বনিৰ্ভৰশীলতা

উল্লেখ্য যে, কম ঠাইত অক্সিজেন, পটাছ, নাইট্ৰ'জেন, আইৰন আদিৰ পৰা সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখি অতি কম সময়তে বহু পৰিমাণৰ মাছ উৎপাদন কৰিব পৰা যায় বায়'ফ্লক পদ্ধতিত । এটা টেঙ্কৰ পৰা বছৰত তিনিবাৰকৈ মাছ উৎপাদন কৰিব পাৰি এই পদ্ধতিৰে ।

প্ৰথম অৱস্থাত ৬০,০০০ টকা মুলধন হিচাপে লৈ পিছত দুই দুৰদৰ্শী যুৱক প্ৰীতম আৰু হীৰকে দুটা টেঙ্কেৰে বৰ্তমান উৎপাদন বৃদ্ধি কৰিছে । তদুপৰি তেওঁলোকৰ এই প্ৰচেষ্টাৰ লগতে আন যুৱক যুৱতীকো স্বাৱলম্বী হোৱাত সহায় কৰাৰ উদ্দেশ‍্যেৰে তেওঁলোকে প্ৰশিক্ষণৰো ব‍্যৱস্থা কৰিছে ।

লগতে পঢ়কঃ কৰিমগঞ্জত চিপিআইএমৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details