কামৰূপ, 24 মে':কৰ’ণা মহামাৰীৰ ফলত চৰকাৰে ঘোষণা কৰা লকডাউনৰ সুবিধা লৈ একাংশ অবৈধ ব্যৱসায়ীয়ে ৰাজ্যখনত চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ এইবাৰ ড্ৰাগছ ব্যৱসায়ীক আটক কৰা ঘটনা পোহৰলৈ আহিছে কামৰূপ জিলাৰ চাংসাৰীত ৷
বহিঃৰাজ্যৰ যুৱকে আহি কামৰূপত চলাই গৈছে ড্ৰাগছৰ এই বেহা ৷ বিহাৰৰ পৰা আহি গুৱাহাটী মহানগৰীত বাহৰ পাতি মহানগৰীৰ পাশ্বৱৰ্তী এলেকাত আৰম্ভ কৰিছে ড্ৰাগছৰ বেহা ।