আমিনগাঁও, 5 নৱেম্বৰ: আমিনগাঁও ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অচিণাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে পথৰ সমীপত ৰাখি থোৱা দুখনকৈ বাছত ৷ ফলত নিমিষতে জ্বলি ছাই হৈ যায় Assam Electronic Delevopment Corporation Ltdচমুকৈ AMTRONৰ অধীনৰ বাহন দুখন ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সঠিক সময়তে উপস্থিত হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে জুই নুমুৱাবলৈ সক্ষম নহ'ল অগ্নিনিৰ্বাপক বাহিনী । অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হয় AMTRON নামৰ প্ৰতিষ্ঠানটোৰ ৷
আমিনগাঁৱত দুখন বাছত দুৰ্বৃত্তৰ অগ্নিসংযোগ - Assam Electronic Delevopment Corporation Ltd
বুধবাৰে মাজনিশা সন্ধিয়া সংঘটিত হয় এই হত্যাকাণ্ড ৷ কুৱাৰেন্টাইন চেন্টাৰৰ পেলনীয়া সামগ্ৰী জ্বলাওতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ।
আমিনগাঁৱত দুখন বাছত দুৰ্বৃত্তৰ অগ্নিসংযোগ
উল্লেখ্য যে,যান্ত্ৰিক বিজুতি হৈ বিকল হৈ থকা বাবে বিগত কিছুদিন ধৰি পথৰ দাতিতে বাহন দুখন ৰাখিছিল AMTRON নামৰ প্ৰতিষ্ঠানটোৱে ৷ বুধবাৰে মাজনিশা সন্ধিয়া সংঘটিত হয় এই হত্যাকাণ্ড ৷ কুৱাৰেন্টাইন চেন্টাৰৰ পেলনীয়া সামগ্ৰী জ্বলাওতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ।
লগতে পঢ়কঃদিখৌ নদীৰ পাৰত এটা কৃষি গোটৰ আত্ননিৰ্ভৰশীলতাৰ আখৰা