ছয়গাঁও, 28 আগষ্ট:ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই নিচাজাতীয় সামগ্ৰী প্ৰচলন আৰু সৰবৰাহ ৰাজ্যৰ পৰা নিৰ্মূল কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰিয়েই অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
বিগত কিছু দিনত ৰাজ্যত কেইবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ ইয়াৰ লগতে জালত পৰিছে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত বহু ৰথি-মহাৰথী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ড্ৰাগছ, মদ, গাঞ্জা, চোৰাং গৰুৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ছয়গাঁও আৰক্ষীয়ে ৷
তাৰ মাজতে শুকুৰবাৰে নিশা ছয়গাঁও বজাৰত এক অভিযান চলাই ছয়গাঁও আৰক্ষীয়ে 116 টা বিলাতী সুৰাৰ বটল সহ জব্দ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ বিভিন্ন অঞ্চলত ব্যক্তি দুজনে ৰমৰমীয়াকৈ বিলাতী সুৰৰা ব্যৱসায় চলাই আহিছিল ৷