গুৱাহাটী, 31অক্টোবৰঃ বৃহস্পতিবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰে'লৰ কোচ নম্বৰ H1-Cৰ 09 আৰু 10 নম্বৰ চিটৰ তলৰ পৰা গাঞ্জাৰ তিনিটাকৈ বেগ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা বেগৰ পৰা আৰক্ষীয়ে 14 কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে। ইপিনে এই গাঞ্জাখিনি সৰবৰাহ কৰা দুই অভিযুক্ত আকানু এন ৱেপ্থ' নামৰ এজন যুৱক আৰু ইনাটলি ঝিমনী নামৰ এগৰাকী নগা যুৱতীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে জব্দকৃত গাঞ্জাখিনি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে নি আছিল ধৃত দুই সৰবৰাহকাৰীয়ে।
গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ 2 জন - গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ 2 জন
গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত তিনিটাকৈ বেগ উদ্ধাৰ ৷ জব্দকৃত গাঞ্জাখিনি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে নি আছিল ধৃত দুই সৰবৰাহকাৰীয়ে ।
জব্দকৃত গাঞ্জাখিনি