দক্ষিণ কামৰূপ/আজাৰা, 29 নৱেম্বৰঃ অষ্টম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সোঁৱৰণ ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ শ্ৰষ্টাক ৷ মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ চিৰনমস্য সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷ তেখেতৰ সোঁৱৰণত 2000 গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা,নাম-প্ৰসংগ আদি অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পলাশবাৰী সংলগ্ন বিষয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ‘মামৰে ধৰা তৰোৱাল’ৰ শ্ৰষ্টাক - অসমৰ চিৰনমস্য সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ সোঁৱৰণ
অসমৰ চিৰনমস্য সাহিত্যিক ডঃ মামণি ৰয়চম গোস্বামীক সোঁৱৰি মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷
![অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ‘মামৰে ধৰা তৰোৱাল’ৰ শ্ৰষ্টাক Tribute to Mamani Raisom Goswami of her 8th death anniversary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5215725-thumbnail-3x2-mamni.jpg)
অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ড৹ মামণি ৰয়চম গোস্বামীক
অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ড৹ মামণি ৰয়চম গোস্বামীক
আনহাতে 2011 চনৰ 29 নৱেম্বৰত ইহলীলা সম্বৰণ কৰা তেখেতৰ স্মৃতিত 2016 চনত চৰকাৰে মিৰ্জাৰ চ'কতো মামণি ৰয়চম গোস্বামী চ'কহিচাপে নামকৰণ কৰি তাত তেওঁৰ স্মৃতি বিজড়িত এখন উদ্যান নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু বৰ্তমানলৈকে প্ৰতিফলিত হৈ উঠা নাই ৷ চৰকাৰক এই স্মৃতি ৰক্ষা সন্দৰ্ভত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই অতিশীঘ্ৰেই ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷
আৰু পঢ়কঃ প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ