ৰঙিয়া, 28 মে': লকডাউনৰ সময়ত ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ দুই শতাধিক সদস্যৰ মাজত মাত্ৰ সাত গৰাকীয়েহে চৰকাৰী সাহাৰ্য লাভ কৰাৰ প্ৰতাবাদত আজি ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।
ৰঙিয়া-দৰঙা পথৰ বাছ সেৱা বন্ধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । যাত্ৰীবাহী বাছৰ কৰ্মচাৰীৰ প্ৰাপ্য অধিকাৰ আৰু আৰ্থিক সুৰক্ষাৰ বাবে শনিবাৰে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে মটৰ শ্ৰমিক ইউনিয়নৰ সদস্যসকলে ।