ছয়গাঁও, ১৩ আগষ্ট: বৰ্তমান বহু নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আশা কৰি ঘৰতে বহি নাথাকি কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা দেখা গৈছে । এই যুৱক-যুৱতীসকলে নিজৰ উপাৰ্জনৰ পথ বাচি লোৱাৰ লগতে আনকো কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । কিন্তু এই উদ্যমী যুৱক-যুৱতীসকলে কৃষিকৰ্মৰ জৰিয়তে আগবাঢ়ি যোৱাৰ বাবে কৃষিৰ সঠিক পদ্ধতি জনাটো প্ৰয়োজন । কি খেতি বছৰৰ কোন সময়ত কৰিলে লাভৱান হব পাৰি অথবা শস্য ভেদে কেনে ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা উচিত সেই বিষয়ে অৱগত হোৱা দৰকাৰ ।
সেয়ে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কামৰূপৰ কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত দুদিনীয়াকৈ এখন কৰ্মশালাৰ আয়োজন কৰা হয় । যোৱা ১০ আগষ্টত আৰম্ভ হোৱা কাঠফুলা(Mushroom) উৎপাদন বিষয়ক কৰ্মশালাৰ অন্ত পৰে ১১ আগষ্টত । কেন্দ্ৰটোৰ কৃষি বিজ্ঞানী ড০ মধুস্মিতা কটকী শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত উক্ত কৰ্মশালাত কামৰূপ জিলাৰ বহু সংখ্যক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।
বছৰৰ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ খেতি কৰা হয় । শীতকালীন আৰু গ্ৰীষ্মকালীন কাঠফুলা, মিল্কী কাঠফুলা, বটন কাঠফুলা আদি উৎপাদন কৰাৰ পদ্ধতিৰ বিষয়ে কৰ্মশালাখনত শিকোৱা হয় ।