ৰঙিয়া,2 অক্টোবৰঃ সুদীৰ্ঘ সাত মাহৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ চলাচল কৰিছে কামাখ্যা-মুৰ্কঙচেলেকৰ মাজত বিশেষ ৰে’ল । উল্লেখযোগ্য যে, ক'ৰণা মহামাৰীৰ ভয়াবহতাৰ বাবে যোৱা সাতটা মাহে ৰে’ল সেৱা বন্ধ ৰাখিছিল চৰকাৰে ৷ সুদীৰ্ঘ সাতটা মাহৰ পিচত বৃহস্পতিবাৰৰ পৰা কামাখ্যাৰ পৰা মূৰ্কংচেলেকলৈ এখন বিশেষ ৰে’ল চলাচল কৰোৱাৰ কথা সদৰী কৰাৰ পিছতে খালি পৰি থকা ৰে’লষ্টেচন সমূহ চাফ চিকুণ কৰি তোলাৰ লগতে ছেনিটাইজ কৰা পৰিলক্ষিত হয় ৷
সূদীৰ্ঘ সাত মাহৰ অন্তত চলিল কামাখ্যা-মূৰ্কংচেলেক যাত্ৰীবাহী ৰেল - ৰেল বিভাগে লোৱা
ক’ৰণা মহামাৰীৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল দেশৰ সকলো ৰেলসেৱা ৷ চৰকাৰে লক ডাউন শিথিল কৰাৰ পিছতে দেশৰ আন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো পুনৰ আৰম্ভ হৈছে ৰেল সেৱা ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল কামাখ্যা-মুৰ্কংচেলেকৰ মাজত বন্ধ হৈ থকা যাত্ৰীবাহী ৰেল সেৱাও ৷
![সূদীৰ্ঘ সাত মাহৰ অন্তত চলিল কামাখ্যা-মূৰ্কংচেলেক যাত্ৰীবাহী ৰেল train strat to kamaykha to mukhangsalak](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9016917-394-9016917-1601606984164.jpg)
এই বিষেশ ৰেলখনত যাত্ৰা কৰা যাত্ৰী সকলে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰা কৰা দেখিবলৈ পোৱা যায় । কামাখ্যা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি বিশেষ ৰেলখন ৰঙিয়াত উপস্থিত হৈ পুনৰ দহ বজাত মূৰ্কংচেলেক অভিমুখে যাত্ৰা আৰম্ভ কৰে । ৰেলৰ পুনৰ চলাচলৰ বাবে ৰেল বিভাগে লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে যাত্ৰীসকলে । বিশেষকৈ দূৰণিবটীয়া যাত্ৰীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে বিগত মাহ কেইটাত ৷ লগতে আগন্তুক দিনত অন্যান্য ৰে’লসমূহৰ চলাচলৰ বাবেও আহ্বান জনাইছে সৰ্বসাধাৰণ নাগৰিকে ৷
লগতে পঢ়কঃ গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য