অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত যান-বাহন আৰক্ষীৰ পথ সজাগতা সভা - South Kamrup

দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত যান-বাহন আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় পথ সজাগতা সভা ৷ পথ সজাগতাৰ অংশৰূপে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে কেইজনমান যুৱক-যুৱতীয়ে । আনহাতে, দেওবাৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় মিৰ্জাত ।

দক্ষিণ কামৰূপত যান-বাহন আৰক্ষীৰ পথ সজাগতা সভা

By

Published : Sep 2, 2019, 10:45 PM IST

দক্ষিণ কামৰূপ, 2 ছেপ্তেম্বৰঃ দেওবাৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে মিৰ্জাত কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক পথ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ দেশৰ যান-বাহন আইনৰ ক্ষেত্ৰত ১ ছেপ্তেম্বৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইন অনুসৰি--
সুৰা সেৱন কৰি বাহন চলালে-১০,০০০,
হেলমেট পৰিধান নকৰাকৈ বাহন চলালে-১০০০ টকা জৰিমনাৰ লগতে ৩ মাহৰ বাবে লাইচেঞ্চ বাতিল,
চিটবেল্ট পৰিধান নকৰাকৈ চলালে-১০০০,
মোবাইল ফোন ব্যৱহাৰ কৰি চলালে-৫০০০,
লাইচেঞ্চ অবিহনে চলালে-৫০০০,
দুচকীয়া বাহনত ৩জন উঠিলে-১০০০,
বীমা অবিহনে-২০০০,
তীব্ৰ গতিত চলালে-২০০০,
অভাৰ লোডিংত-২০০০,
বিপদসংকুলভাৱে চলালে-৫০০০,
সংকেট নামানিলে-৫০০০,
এম্বুলেঞ্চক বাট এৰি নিদিলে-১০,০০০ আৰু
নাবালকক চলাব দিলে-২৫,০০০ টকা জৰিমনা বিহাৰ লগতে ২৫ বছৰ বয়সলৈকে লাইচেঞ্চ নাপাব অথবা অভিভাৱকৰ ৩বছৰ পৰ্যন্ত জেল হ'ব আদি বিভিন্ন সংশোধনীসমূহৰ সম্পৰ্কে আৰক্ষীয়ে তথ্যসম্বলিত প্ৰচাৰ পত্ৰ বিতৰণ কৰে ৷ তদুপৰি, পথ সজাগতাৰ অংশৰূপে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ ওপৰত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বাটৰ নাট প্ৰদৰ্শন কৰে ৷

দক্ষিণ কামৰূপত যান-বাহন আৰক্ষীৰ পথ সজাগতা সভা

ABOUT THE AUTHOR

...view details