অসম

assam

ETV Bharat / state

বামুণীগাঁৱত অনুষ্ঠিত হ'ল ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখ' পূজা

বুধবাৰে ৰাভা জনগোষ্ঠীয় লোকসকলে পালন কৰিলে জনজাতীয় উৎসৱ বাইখ' পূজা ৷ অসমীয়া নতুন বছৰত শস্য-মৎশ্যৰে নদন বদন হোৱাৰ বাবে বিভিন্ন দেৱ-দেৱীক পূজা কৰাৰ বাবে এই পূজাভাগ অনুষ্ঠিত কৰে ৰাভা জনগোষ্ঠীয় লোকসকলে ৷ বিগত বছৰৰ দৰে এইবেলিও কৰ'ণা মহামাৰীৰ বাবে বকোৰ বামুণীগাঁৱত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় পূজাভাগ ৷

By

Published : May 27, 2021, 9:33 PM IST

traditional baikho puja of rava community held at bamunigaon in boko
বামুণীগাঁৱত অনুষ্ঠিত হ'ল ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখ' পূজা

বকো,27 মে': বকোত ৰাভা জনগোষ্ঠীয় লোকসকলে পালন কৰিলে জনজাতীয় উৎসৱ বাইখ' পূজা ৷ সাধাৰণতে সপ্তাহৰ দেওবাৰ, বুধবাৰ বা শুকুৰবাৰে এই পূজা অনুষ্ঠিত কৰা হয় । অসমীয়া নতুন বছৰত শস্য-মৎশ্যৰে নদন বদন হোৱাৰ বাবে বিভিন্ন দেৱ-দেৱীক পূজা কৰাৰ বাবে এই পূজাভাগ অনুষ্ঠিত কৰে ৰাভা জনগোষ্ঠীয় লোকসকলে ৷ মূলতঃ লক্ষ্মী দেৱী আৰু মহাদেৱ শিৱক প্ৰাৰ্থনা কৰি উভৈনদীকৈ শস্য পাবলৈ আৰু বৰষুণৰ কামনাৰে পূজাৰীসকলে সূৰ্য অস্ত যোৱাৰ পিছত নিজৰ মুখমণ্ডলৰ লগতে গাত চাউলৰ গুৰি সানি পূজা আৰম্ভণি কৰে । পৰম্পৰা অনুসৰি ওজাপালিৰে গীত গোৱাই মংগলসূচক মন্ত্ৰ মাতি গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ চালে চালে পিঠাগুৰি চতিয়াই দিয়ে ৷ ইয়াক নক জুমকাম বা খুচৰি খোৱা বোলা হয় ৷

বামুণীগাঁৱত অনুষ্ঠিত হ'ল ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখ' পূজা

প্ৰতিবছৰে বৰ উলহ মালহেৰে এই বাইখ' পূজা অনুষ্ঠিত কৰা হয় যদিও বিগত বছৰৰ দৰে এইবেলিও বকোৰ বামুণীগাঁৱত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় পূজাভাগ ৷ পূৰ্বে দিনযোৰা কাৰ্যসূচীৰে এই বাইখ' পূজা কৰি আহিছে যদিও কৰ'ণা মহামাৰীৰ বাবে কোনো ৰাইজ নোহোৱা কৈ ৰাভা ছাত্ৰ সন্থাৰ সহযোগত বকোত অনুষ্ঠিত হ'ল বাইখ' পূজা ৷

লগতে পঢ়ক:বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস'

ABOUT THE AUTHOR

...view details