সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি:
ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী
শুকুৰবাৰে বিধানসভাৰ সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে ৷
গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ
দুলীয়াজানৰ টিপলিং নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং ৷
ৰূপজ্যোতি কুৰ্মী এক সম্পদ: পীযুষ হাজৰিকা
চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগ ৷ বিধায়কগৰাকীৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি আখ্যা দিলে হাজৰিকাই ৷
ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং
"ভাৰতে কোনো চুবুৰীয়া দেশৰ লগত শত্ৰুতা নকৰে আৰু যদি কোনোবাই কৰে, সেইয়া সহ্য কৰা নহ’ব ৷ ভাৰত শান্তিৰ পূজাৰী ৷ যদি কোনোবাই অনুপ্ৰৱেশ কৰিব বিচাৰে তাৰ ধৰণে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷" এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কিমিনৰ আই টি বি পি(ITBP)ৰ ১০ ম বেটেলিয়ানৰ মূখ্য কাৰ্যালয়ৰ পৰা ৰিমৰ্ট যুগে কিমিন-পতিং, এপ্ৰচ ৰোড লোহিত, বালিপৰা-চাৰিদুৱাৰ, টাৱাঙকে ধৰি মুঠ 12 টা সীমান্তৰ পথ দেশৰ নামত উচৰ্গা কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ ভিতৰত 10 টা সীমান্ত পথ অৰুণাচল প্ৰদেশৰ, 1 টা লাডাখ আৰু আনটো জম্মু -কাশ্মীৰৰ ৷ বৃহস্পতিবাৰে কিমিনৰ 20 কিলোমিটাৰ দৈঘ্যৰ বৰ্ডাৰ ৰোডছে নিৰ্মাণ কৰা পথটো নিজ হাতে ফিটা কাটি মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ পাছতে ভাষণ প্ৰসংগত সিঙে কয় যে,উত্তৰ পূৰ্বাঞ্চলক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে প্ৰতি মাহে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ৷ যাৰ বাবে আজিৰ সময়ত এই উন্নয়ন সাধন কৰিব পৰা গৈছে আৰু বৰ্ডাৰ ৰোডছে সমগ্ৰ ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ বহুতো পথ সুগম কৰি তুলিছে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু চিফ অৱ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাট ৷
আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ
আইন ৰক্ষকৰ হাতত প্ৰাণ গ'ল অভিযুক্তৰ । গোলাঘাটত মাৰপিটৰ ঘটনাৰ লগত জড়িত অভিযুক্ত আচামীক আৰক্ষীৰ থানাত অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ পত্নীৰ ।