9 বজাৰ শীৰ্ষ দহটা বাতৰি:
পুৱা 11 বজাত ৱেবচাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ৰিজাল্ট
পুৱা 11 বজাত ৱেবচাইট (Website) যোগে ছেবাই ঘোষণা কৰিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । মুঠ 14 টা ৱেবচাইত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল ৷
মুখ্য়মন্ত্ৰীক মিজোৰামৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণৰ আহ্বান এ আই ইউ ডি এফৰ
এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে বৃহস্পতিবাৰে শ্বহীদ নাজমূল হকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ বিধায়ক দুগৰাকীয়ে মুখ্যমন্ত্ৰীক দৃঢ় স্থিতি গ্ৰহণৰ বাবে আহ্বান জনায় ৷
পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ
চামগুৰি পদুমনি গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন্যহস্তীৰ চলালে উপদ্ৰৱ ৷ গাঁওখনৰ কেইবাজনো লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷
অসমখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় : মনোৰঞ্জন তালুকদাৰ
অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই শিলচৰত সীমান্ত বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি উল্লেখ কৰিছিল ৷