অসম

assam

By

Published : Jul 13, 2021, 7:09 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 News at 7 pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি:

খাকীত হাত দিয়াৰ মৰসাহ উদণ্ড যুৱকৰ

তিনিচুকীয়াৰ বাইপাছৰ দিহিঙীয়া চাৰিআলিত সোমবাৰে মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষীৰ কনিষ্টবল এজনক প্ৰহাৰ (Attack On Police) কৰে 5 যুৱকে ৷ হোটেলত অকলে কিবা খাই থকা সময়তে কনিষ্টবলগৰাকীক মাৰপিট কৰে যুৱককেইজনে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক আটক কৰা হৈছে ৷ বাকী দুজনক শীঘ্ৰে আটক কৰিব বুলি সদৰী কৰে পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷

ভয়ংকৰ : অসমৰ যুৱক-যুৱতীক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ !

ক'ভিড সৃষ্ট ভয়াৱহ পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা ৷ চুৰি-ডকাইতিৰ লগতে সংঘটিত হৈছে বিভিন্ন ধৰণৰ নাৰীজনিত ঘটনা ৷ ইয়াৰ মাজতে ৰাজ্যত পোহৰলৈ আহিছে কিন্নৰৰ এটা বৃহৎ ৰেকেটৰ ভয়াৱহ কাহিনী ৷

ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ ?

জাতি মাটি ভেটি ৰক্ষাৰ সংকল্প লৈ ২০১৬ চনত ৰাজ্যৰ শাসনৰ গাদীত বহিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ তেওঁলোকৰ মূল মন্ত্ৰই আছিল জাতি মাটি ভেটিৰ সুৰক্ষা প্ৰদান কৰা ৷ সদম্ভে ঘোষণা কৰিছিল যে, এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব অসমৰ পৰা ৷ কিন্তু কাৰ্যতঃ সেই প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল ৷

ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ ?

জাতি মাটি ভেটি ৰক্ষাৰ সংকল্প লৈ ২০১৬ চনত ৰাজ্যৰ শাসনৰ গাদীত বহিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ তেওঁলোকৰ মূল মন্ত্ৰই আছিল জাতি মাটি ভেটিৰ সুৰক্ষা প্ৰদান কৰা ৷ সদম্ভে ঘোষণা কৰিছিল যে, এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব অসমৰ পৰা ৷ কিন্তু কাৰ্যতঃ সেই প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল ৷

উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ক'ভিড (Covid) পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু বজাৰ অঞ্চলত মাস্ক অবিহনে বহু লোকে ভিৰ কৰি থকা বিষয়টোক লৈ এই বৈঠকত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

মহিলাক অশালীন ব্যৱহাৰ কৰি ৰাইজৰ ৰোষত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ কৰ্মচাৰী

আমগুৰিত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ৷ মহিলাক অভব্য আচৰণ কৰাৰ অভিযোগ আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ৷

সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে কাৰ্বি আংলঙৰ Veerappan এ

কাৰ্বি আংলঙৰ বোকাজানৰ দুৰ্গম অঞ্চল খেঙপিবুং অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমান বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ডিফুলৈ প্ৰেৰণ কৰিছে ৷

বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ (WHO chief scientist Soumya Swaminathan) মতে ই এক বিপদজনক ট্ৰেণ্ড । ই বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে ৷ কিয়নো এইক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ।

সমবায় আন্দোলনত গতিশীলতা আনিছে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে

আকৌ গতিশীলতা লাভ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনে ৷ দৈনিক 200 লিটাৰ খাটি সৰিয়হ তেল উৎপাদনেৰে সমবায় আন্দোলনত গতিশীলতা আনিছে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে ৷

মাছ মৰাৰ পাচতহে দীঘলীপুখুৰী পৰিস্কাৰ কৰিবলৈ মনত পৰিল বিভাগীয় কৰ্তৃপক্ষৰ

শেহতীয়াকৈ দীঘলীপুখুৰীত জাকে জাকে মাছৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল ৷ তাৰপাচতে এতিয়া চকু মেল খাইছে বিভাগীয় কর্তৃপক্ষৰ । এতিয়া জাকে জাকে মাছ মৰাৰ পাছতহে পৰি সাৰ পাইছে বিভাগীয় কৰ্তৃপক্ষই । যাক অসমীয়াত কয় "চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি"।

ABOUT THE AUTHOR

...view details