অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি - TOP 10 NEWS AT 7 PM

সন্ধিয়াৰ 10 টা শীৰ্ষ বাতৰি

TOP 10  NEWS AT 7 PM
সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Jul 4, 2021, 6:58 PM IST

সন্ধিয়াৰ 10 টা শীৰ্ষ বাতৰি:

খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু বিশিষ্ট ব্যক্তিৰে মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা"

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে ৰাজ্যৰ ১২৩ গৰাকী ধৰ্মীয় সংখ্যালঘু সমাজৰ বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

চি এ পৰীক্ষাৰ্থীৰ বাবে লকডাউন শিথিলৰ নীতি-নিৰ্দেশনা

পৰীক্ষাৰ্থীৰ লগতে তেওঁৰ লগত এজনৰ ক্ষেত্রত আন্তঃজিলা যাতায়ত, সান্ধ্য আইন, পিলিয়ন ৰাইডিং আৰু বাহনৰ যুগ্ম-অযুগ্ম নম্বৰৰ নীতিৰ পৰা কেৱল চি এ (CA) পৰীক্ষাৰ বাবে ৰেহাই দিয়া হৈছে । টুইটাৰৰ জৰিয়তে এই কথা জনালে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) জি পি সিঙে।

আহোম ঐতিহ্য বহনকাৰী মাজুলীৰ এখন বিশেষ বিচনী

যুগৰ বিৱৰ্তনত পুৰণি হ’লেও এলাগী নহয় শিল্পী সত্বাৰ সোণোৱালী অতীত । মাথোঁ সময় কাল স্থান ভেদে পৰিৱৰ্তনৰ ধাৰাত ই পৰিগ্ৰহ কৰে নতুন ৰূপ । 400 বছৰ পূৰ্বে আহোম যুগৰ পৰম্পৰাত আভিজাত্যৰ প্ৰতীকৰূপে শিল্প কলাই যি স্থান লাভ কৰিছিল, বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আজিও একে মৰ্যাদা তথা গৌৰৱ বহন কৰি আহিছে মাজুলীৰ সত্ৰত লালিত পালিত এইপদ কুটীৰ শিল্পই ।

অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

অইল ইণ্ডিয়া লিমিটেডে চাকৰিৰ বাবে জাৰি কৰা মকৰলত অসমৰ চাৰি জিলাৰ লগতে অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীসকলক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে আলফা(স্বা) (ULFA) এ ৷

মৰিয়নীত বিজেপিৰ সভাত নিৰুদ্দেশ ক’ভিড নীতি

দেওবাৰে মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰাৰ পাচতে প্ৰথম খন দলীয় সভা অনুষ্ঠিত হয় মৰিয়নীত । বিগত সময়চোৱাত কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে জনাজাত মৰিয়নী সমষ্টিত এতিয়া যেন কেৱল নামটোহে ৰৈছে গৈ কংগ্ৰেছৰ ৷

অসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি আগ্ৰাসী মিজোৰ

ৰেংটি সংৰক্ষিত বনাঞ্চলতো মিজোৱে এতিয়া আৰম্ভ কৰিছে আগ্ৰাসন । বন বিভাগৰ মূল্যবান গছ কাটি তহিলং কৰাৰ সমান্তৰালকৈ নিৰ্মাণ কৰিছে অস্থায়ী কেম্প ।

স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

গাড়ী চুৰি চক্ৰৰ লগত জড়িত পুত্ৰৰ হত্যাকাৰীক আটক কৰিলে এগৰাকী সাহসী পিতৃয়ে ৷ পুত্ৰ হত্যাকাৰীৰ বিৰুদ্ধে দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে ৰাজ্যৰ চুকে কোণে এটাৰ পিছত এটাকৈ চলাই গৈছিল অভিযান ৷ আৰক্ষীৰ গাফিলতিৰ বাবে ভুক্তভোগী পৰিয়ালে অপৰাধীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷

গৃহস্থক ঘপিয়াই ডকাইতে লুটি নিলে ধন

নিশা কাছাৰ জিলাৰ বাগপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত ৷ অস্ত্ৰধাৰী ডকাইতৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধ ৷ সম্প্ৰতি ডকাইতি দলটোৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে দুই প্ৰতিবেশীক ৷

ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ ক'ভিড (Covid 19)ৰ সংক্ৰমণ বৃদ্ধি পাইছে। কঠোৰ বাধা-নিষেধ থকাৰ পাছতো বহু ঠাইত ক'ভিড (Covid 19)ৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই । কামৰূপ মহানগৰ জিলাকে ধৰি গোলাঘাট, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট জিলাত সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ ।

ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ কঠোৰ সকীয়নি

বক্ৰপথেৰে চৰকাৰী ৰেচন কাৰ্ড লোৱা সম্ভ্ৰান্ত পৰিয়ালসমূহলৈ সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান মন্ত্ৰী ৰণজিৎ দাসৰ ৷ শীঘ্ৰে ৰেচন কাৰ্ড ঘূৰাই নিদিলে সংবাদ মাধ্যমৰ যোগে তেওঁলোকক লাজ দিয়া হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details