সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি:
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই সৰ্বানন্দ সোণোৱালে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু সেই তদন্তৰ ভিত্তিতেই ৰাকেশ পালৰ পৰা চাকৰি কিনা ৩৯ জনকৈ এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰিছিল । এতিয়া আকৌ পুনৰ জালত পৰাৰ সম্ভাৱনা কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়া ৷
ড্ৰোণেৰে বিস্ফোৰণ সংঘটিত কৰা সময়ত কিমান সতৰ্ক হৈ আছিল জম্মুৰ বায়ু সেনাৰ বিমান ঘাটিত নিয়োজিত জোৱানসকল ? ড্ৰোণৰ শব্দ শুনাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বায়ু সেনাৰ জোৱানে ? প্ৰকৃততে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ?
জন্মভূমি মৰিয়নিৰ হাঁহচৰাত উপস্থিত হৈ কৃষক নেতা অখিল গগৈৰ হুংকাৰ । মৰিয়নী সমষ্টি ৰাইজ দলৰ দখললৈ আনিবলৈ সকলো শক্তি প্ৰয়োগ কৰা হ'ব ।পীযুষ হাজৰিকাৰ মন্তব্যই শিৱসাগৰ সমষ্টিবাসীক অপমানিত কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি বিধানসভাত জাতিৰ পক্ষত মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে অখিল গগৈয়ে ৷ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিষয়টো বিধানসভাত উত্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰে অখিল গগৈয়ে ৷ লগতে সদনত উত্তৰ নাপালে পুনৰ ৰাজপথত নমাৰ হুংকাৰ শিৱসাগৰ বিধায়ক গৰাকীৰ ৷
চৰকাৰৰ নীতি-নিদেৰ্শনাক আওকাণ কৰি চাহ কোম্পানী সমূহে শ্ৰমিকৰ ওপৰত চলাইছে শোষণ ৷ প্ৰাপ্য অধিকাৰ বিচাৰি বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মদাৰখাট চাহ বাগিচাত কৰ্মচাৰীৰ লগতে চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ (Tea workers protest) সাব্যস্ত কৰে ৷
অৱশেষত মুকলি আকাশৰ তললৈ আহিল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ঔম প্ৰকাশ চৌটালা । শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত তেওঁক কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছিল । তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল প্ৰবীণ ৰাজনীতিবিদগৰাকী ।
সংসদৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰি আটক পাঁচ কৃষক ৷ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে আটক কৰে কৃষক কেইগৰাকীক ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই এদিনতে সম্প্ৰসাৰণ কৰিব তেওঁৰ মন্ত্ৰীসভা ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আসন্ন সম্প্ৰসাৰণত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত হৈছে ৷ বৰ্তমান দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
NIA আদালতে সকলো অভিযোগৰ পৰা দোষমুক্ত কৰাৰ পাচত শুকুৰবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈক শিৱসাগৰ অভিমুখী যাত্ৰাত জিলাই জিলাই উষ্ম আদৰণি জনায় ৷ যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত ৰাইজৰ দলৰ বিষয়ববীয়া সকলৰ লগতে শ শ অখিল গগৈৰ অনুৰাগীয়ে উষ্ম আদৰণি জনাই ৰাইজৰ দলৰ নেতা জনক ৷
ৰাজ্যৰ যোগান বিভাগত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ হৈছে যোগান বিভাগ । যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বছৰ বছৰ ধৰি নীলা কেৰাচিনত সংঘটিত দুৰ্নীতি বন্ধ কৰাৰ বাবে মুকলি কৰিছে TOLL FREE NUMBER। কেৰাচিন বা সুলভ মুল্যৰ দোকানৰ বিৰুদ্ধে অভিযোগ থাকিলে 1967 নং আৰু TOLL FREE NUMBER-18003463611 ত অভিযোগ দাখিল কৰিব পাৰিব ৷ প্ৰতি বছৰে চৰকাৰে 58 লাখ মানুহৰ কাৰণে সুলভমূল্যৰ দোকানক মুকলি কৰি দিয়া 3 কৌটি 11 লাখ 16 হাজাৰ লিটাৰ কেৰাচিন আজিলৈকে হিতাধিকাৰী লাভ কৰা নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ পাটাছাৰকুছিৰ এটা অতি দুৰ্ভগীয়া পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰাৰ সময়তে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
ৰহাৰ ধেমাজী গাঁৱত পুত্ৰৰ হাতত প্ৰাণ গ'ল নিজ মাতৃৰ ৷ বৃহস্পতিবাৰে নিশা শুই থকা অৱস্থাতেই ডিঙি চেপি হত্যা কৰে পুত্ৰই । নগাঁও জিলাৰ ৰহাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই নিসংশ হত্যাকাণ্ড ৷