অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 NEWS AT 3 PM

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Sep 30, 2021, 3:05 PM IST

কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ধেমাজিত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কেবিনেট বৈঠক ৷ পুৱা ১১ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছে বৈঠক । বৈঠকৰ প্ৰস্তুতিক লৈ দ্বিতীয়খন দিছপুৰত পৰিণত হৈছে ধেমাজি ৷ বৈঠকত গ্ৰহণ কৰা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ

কৰিমগঞ্জত ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল আৰক্ষীৰ হাতৰ পৰা পলাই থকা ভূমিৰ দালালক চিনেমা কায়দাৰে আটকৰ দৃশ্য ৷ মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকা সময়ত বুধবাৰে কৰিমগঞ্জত পুনৰ এজন দালালক আটক কৰে আৰক্ষীয়ে ।

ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)ৰ হিন্দী বিভাগ(Hindi Department)ৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে(Amit Pandey)ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন ৷ বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰীলৈ হোৱাটছ এপ আৰু ফেচবুকযোগে অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগ তোলা হৈছে ৷

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে বৃহস্পতিবাৰৰে পৰা মুকলি কৰি দিয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব মঙলদৈৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

অক্টোবৰত নগা সমস্যা সমাধানৰ সম্ভাৱনা

নগা‌ সমস্যা সমাধানৰ বাবে ১৯৯৭ চনৰ পৰাই চলি থকা শান্তি আলোচনাই শেহতীয়াকৈ এক বিশেষ ক্ষণত উপনীত হৈছেহি । কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে, আগন্তুক অক্টোবৰ মাহৰ ভিতৰতে এন এছ চি এন-আই এম ৰ লগত চলি‌ থকা শান্তি আলোচনাই শেষ পৰ্যায়ত উপনীত হ'ব ।

চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ভুৱা প্ৰমাণ পত্ৰ ভাণ্ডাৰ

চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা । উৎখাত কৰিলে ভুৱা প্ৰমাণ পত্ৰৰ এক বৃহৎ চক্ৰ । জব্দ পাঁচ হাজাৰৰো অধিক ভুৱা ছিল-মোহৰ, বিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ । নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ দলে লাভ কৰিলে এই বৃহৎ সফলতা ।

ছত্তিশগড়ত দুগৰাকী মহিলাকে ধৰি ১১ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ত এতিয়াও মাওবাদী সক্ৰিয় হৈ আছে । ইয়াৰ মাজতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মাওবাদীয়ে আত্মসমৰ্পণ কৰা দেখা গৈছে । চৰকাৰৰ বিশেষ নীতিৰ প্ৰতি আকৰ্ষিত হৈছে মাওবাদীসকল ।

দুৰ্গা পূজাক লৈ কেনেধৰণৰ প্ৰস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ ?

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়(Billeshwar Devaloy)ত সমাগত দুর্গা পূজা(Durga Puja)ৰ প্ৰস্তুতি ৷ অৱশ্যে ক’ভিড 19(Covid 19) সৃষ্ট পৰিৱেশৰ বাবে বলি-বিধানৰে বাতৰিৰ শিৰোনামা দখল কৰা নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত এইবেলি নাই বিশেষ প্ৰস্তুতি ৷

Ringdi নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ : চাৰিজনৰ মৃত্যু

মেঘালয়ত ভয়াৱহ বাছ দুৰ্ঘটনা ৷ মেঘালয়ৰ Ringdi নদীত এখন যাত্ৰীবাহী বাছ বাগৰি পৰাত চাৰিজনৰ মৃত্যু ৷ প্ৰায় ষোল্লজন যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ ৷

সমাগত দুৰ্গোৎসৱ : মহানগৰীৰ ফাঁচী বজাৰত নাই গ্ৰাহকৰ ভিৰ

শাৰদীয় উৎসৱ দুৰ্গা পূজালৈ(Durga Puja) মাজত মাথো কেইটামান দিন বাকী ৷ পূজা বুলিলেই মনলৈ আহে নতুন সাজ-পাৰৰ কথা ৷ কিন্তু এইবেলি গুৱাহাটী মহানগৰীৰ সাজ-পাৰৰ দোকানসমূহত নাই গ্ৰাহকৰ ভিৰ ৷ কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে গ্ৰাহকসকলক পূজাৰ বজাৰত নেদেখাৰ আশংকা কৰিছে বিক্ৰেতাসকলে ৷

ABOUT THE AUTHOR

...view details