অসম

assam

ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

Top 10 news At 3 PM
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jul 9, 2021, 3:01 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি:

মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাচতে মাজুলীক লৈ বিজেপি (BJP)ৰ আভ্যন্তৰত আৰম্ভ হৈছে ব্যাপক তৎপৰতা । মাজুলীত কাক দিব প্ৰাৰ্থিত্ব বিজেপিয়ে ? এই ক্ষেত্ৰত চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ পুৰণি কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu), ব্যৱসায়ী ভুৱন গাম (Bhuban Gam)ৰ নাম ৷ অন্যহাতে কিন্তু বিজেপিৰ দলীয় সূত্ৰই জনোৱা মতে, মাজুলীৰ এই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ ভূমিকা হ’ব উল্লেখনীয় ৷

দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

বৃহস্পতিবাৰে কোকৰাঝাৰত উপস্থিত হৈ নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজৰ সমীপৰ গৌৰাং নৈৰ গৰাখহনীয়া আৰু কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ গৌৰাং নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাই । লগতে বিটিআৰ সচিবালয়ত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ সতে এক বৈঠকতো মিলিত হয় মন্ত্ৰী গৰাকী ৷

বাতিল নহয় কৃষি আইন: প্ৰতিবাদ সামৰাৰ আহ্বান নৰেন্দ্ৰ সিং টোমৰৰ

তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৃষক সংগঠনসমূহক প্ৰতিবাদ সামৰাৰ আহ্বান কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ ৷ প্ৰতিবাদী কৃষকসকলক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৃষিমন্ত্ৰীগৰাকীৰ ৷ কেন্দ্ৰই কৃষি আইন বাতিল নকৰে মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ সেয়ে অন্য বিকল্প উপায় সন্দৰ্ভত কৃষকসকলক চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান টোমৰৰ ৷

দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু

দৰঙৰ অকলিবাৰীত আফ্ৰিকান ছোৱাইন ফ্লু (African Swine Flu)ত আক্ৰান্ত শতাধিক গাহৰি ৷ অকলিবাৰীৰ গাহৰি পালক তীৰ্থ বড়োৰ ফাৰ্মৰ গাহৰিৰ পৰা লৈ যোৱা গাহৰিৰ তেজ আৰু অংগত ধৰা পৰিছে এই ৰোগ । ইয়াকে লৈ গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংক ৷

বনমন্ত্ৰীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন: মুখ্যমন্ত্ৰীয়ে কৰিব হাতীৰ মৃত্যুৰ তদন্ত

নগাঁৱৰ তপত জুৰিত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ আজিও নহ’ল উচ্চ পৰ্যায়ৰ কোনো তদন্ত । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক প্ৰশ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীয়ে ।

লাচাংগাত ভয়াৱহ কৃত্ৰিম বানত গৃহবন্দী 100 টা পৰিয়াল

কলগাছিয়াৰ লাচাংগা গাঁৱত ভয়াৱহ কৃত্ৰিম বান (Artificial Flood) ৷ বিগত 20 দিন ধৰি গৃহবন্দী হৈ আছে গাঁওখনৰ 100 টাকৈ পৰিয়াল ৷ কৃত্ৰিম বানে যমৰ যাতনা ভোগাইছে গাঁওবাসীক ৷

শক্তি বিভাগৰ গতিশীলতাৰ সময়তে আমগুৰিৰ বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

আমগুৰি বিদ্যুৎ বিভাগৰ মৰণফাণ্ড ৷ আমগুৰি নগৰৰ মাজমজিয়াত উন্মুক্ত অৱস্থাত আছে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ৷ যিকোনো মুহূৰ্ত্ততে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা । আমগুৰি বৈদ্যুতিক উপ সংমণ্ডল বিষয়া কাৰ্যালয়ৰ চূড়ান্ত হেমাহিৰ বাবে আমগুৰি নগৰৰ মাজমজিয়াত উন্মুক্ত অৱস্থাত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমগুৰি নগৰৰ মাজমজিয়াত 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পদপথ বন্দী কৰি অসুৰক্ষিতভাৱে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন লোকে। যি সময়ত শক্তিমন্ত্ৰী বিমল বড়াই শক্তি বিভাগক গতিশীলতা প্ৰদানৰ বাবে আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে আমগুৰি বৈদ্যুতিক উপসংমণ্ডল বিষয়া কাৰ্যালয়ৰ চূড়ান্ত হেমাহিৰ বাবে আমগুৰি নগৰৰ মাজমজিয়াত উন্মুক্ত অৱস্থাত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ক্ৰমাৎ বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ (Brahmaputra River Water level) ৷ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷ অৱশ্যে কাজিৰঙাৰ জীৱকূলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ এতিয়ালৈকে সুৰক্ষিত হৈ আছে ৷

প্ৰতাৰকৰ ৰূপত এন জি অ’

ৰাজ্যৰ দিব্যাংগ সকলক কাৰিকৰী শিক্ষা প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ 2019 বৰ্ষত দৰঙত অসম স্কিল ডেৱলপমেণ্টৰ অধীনত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণৰ ব্যবস্থা কৰা একাংশ দিব্যাংগ প্ৰশিক্ষাৰ্থীযে আজিলৈ বছৰীয়া পৰিতোসিকৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে দিব্যঙ্গ প্ৰশিক্ষাৰ্থী সকলে।

মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

পুনৰ বিতৰ্কত সোমাই পৰিছে মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰ ৷ শিশু নিৰ্যাতনৰ পাছত এইবাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত হৈছে অধ্যক্ষা গৰাকী ৷

ABOUT THE AUTHOR

...view details