অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news At 1 pm

1 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 news At 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Aug 1, 2021, 1:04 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি:

ব্ৰহ্মপুত্ৰৰ বাবে IITG আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উমৈহতীয়া প্ৰচেষ্টা

উমৈহতীয়া প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলসম্পদ সমূহক জনহিতাৰ্থে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে আই আই আইটি(IITG) গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডে(Brahmaputra Board) ৷ এই সম্পৰ্কত আই আই টি গুৱাহাটীয়ে ইতিমধ্যে ব্ৰহ্ম(BRAHMA) নামেৰে এটা ৰিভাৰ মডেল প্ৰতিষ্ঠা কৰিছে ৷

ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক (HSLC result) লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অৱশেষত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

সময়ৰ আগত চলা সময় "বাগান টাইম"

বৃটিছে স্থাপন কৰি যোৱা সময় মান আজিও প্ৰচলিত চাহ বাগানত ৷ এই নিয়ম এঘন্টা আগত চলা নিয়ম ৷ বাগানৰ সময় স্বাভাৱিক সময়তকৈ এঘণ্টা আগবঢ়া । শ্ৰমিক সকলক সময়তকৈ আগবঢ়াই ৰাখি সময় নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল বৃটিছৰ দিনত।

'জল জীৱন মিছন' আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে ৰণজিৎ দাসে

শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল "জল জীৱন মিছন" আঁচনি ৷ ছিপাঝাৰত এই আঁচনি মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এই উপলক্ষে ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত ছিপাঝাৰ বিধানসভা সমষ্টিৰ নাৰিকলিত এখন সভাৰ আয়োজন কৰা হয় ৷

জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত ৷ নিহত সমীৰ দাৰ ওৰফে হানজালা জেহাদী A+ শ্ৰেণীৰ সন্ত্ৰাসবাদী আছিল আৰু উপত্যকাত সক্ৰিয় হৈ থকা ম'ষ্ট ৱান্টেদ সন্ত্ৰাসবাদীৰ (most wanted terrorist) ভিতৰত অন্যতম আছিল হানজালা জেহাদী ।

মোক জীয়াই থাকিবলৈ দিয়ক: ৰঞ্জন চুতীয়া

চিকিৎসালয়ত চকুলো টুকিছে মৰাণৰ বিতৰ্কিত খ্ৰীষ্টধৰ্মৰ প্ৰচাৰক ৰঞ্জন চুতীয়াই ৷ কেমেৰাৰ সন্মুখত চিকিৎসালয়ৰ পৰাই মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ পাঠ কৰিলে ৰঞ্জন চুতীয়াই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থিয় হোৱাৰ আশ্বাস অখিল গগৈৰ

অসম বিধানসভাৰ অধ্যক্ষ (Chairman of assam legislative assembly)বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল শনিবাৰে শিলচৰ উপস্থিত হয় । শিলচৰত উপস্থিত হোৱাৰ পাছতেই সৰ্বদলীয় প্ৰতিনিধি দলটোৱে পোনে পোনে অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰ পৰিদৰ্শন কৰে ৷

ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি

শনিবাৰে ধেমাজি বাটঘৰীয়াত আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷ জিলাখনৰ মুঠ ছয় খনকৈ আঁচনি আনুষ্ঠানিক ভাৱে মুকলি কৰে জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে (NAGAON) জন্ম লগ্নৰে পৰাই কৃষক সমাজৰ উন্নতিৰ হকে বিশেষভাৱে কাম কৰি আহিছে । বিভিন্ন উন্নত জাতৰ ধান, সৰিয়হ, মাহজাতীয় শস্যৰ বীজৰ লগতে অন্যান্য ৰোপন সামগ্ৰী, বিশেষকৈ নেমু, জালুক, নাৰিকল, তামোল, উন্নত প্ৰজাতিৰ ঘাঁহ, কেচুসাৰ আদিৰ উপৰিও হাঁহ কুকুৰা আদি উৎপাদনৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৰ অৱদান অতুলনীয়।

কোকৰাঝাৰৰ ছালাকাটিত মেট্ৰিকৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা । ছালাকাটি হাইস্কুলত থকা ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাথো ৪৭ গৰাকী পৰীক্ষাৰ্থী শুকুৰবাৰে ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত শনিবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়

ABOUT THE AUTHOR

...view details