জনতা ভৱনত পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
ক'ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । সোমবাৰৰ পৰা প্ৰতিদিনেই ৩ লাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য । পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব প্ৰতিষেধক । টীকাকৰণ কেন্দ্ৰ(Vaccine Centre)তে হ’ব অনলাইন পঞ্জীয়ন(Online registration) । লগতে প্ৰতিষেধক কেন্দ্ৰত নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব ।
মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ উৰিল সোণোৱাল
চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুবছৰীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ চলিত মাহতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই যিকেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে সেইসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত থকা অন্যতম এজন হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি
চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত এতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতি। শুকুৰবাৰে এক সংবাদ মেল যোগে এই কথা সঁদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টক পহু খেদা
উজনি অসমৰ পিচত এইবাৰ জাঙুৰ খাই উঠিছে চিৰাঙৰ মাইক্ৰ’ফাইনেঞ্চ ঋণগ্ৰস্ত মহিলাসকল । চিৰাঙত অন কেমেৰাত মাইক্ৰফাইনেঞ্চৰ এজেণ্টক মহিলাৰ পহু খেদা ।