অসম

assam

By

Published : Oct 6, 2020, 9:06 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ খিলঞ্জীয় লোকৰ স্বাস্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হয় মাটিৰ পট্টা ৷

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

মূল্যবৃদ্ধি ৰোধত বিফলতাৰ অভিযোগেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মৰিগাঁও জিলা নিৰ্মাণ শ্ৰমিক পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ৰাজনীতিলৈ সাংবাদিকঃ ভোট যুদ্ধত নমাৰ মন কেইবাজনৰো

ৰাজনীতি আৰু সাংবাদিক । এই সম্পৰ্কটো বা এই ৰসায়নটো বহু পুৰণি । দীৰ্ঘসময় সাংবাদিকতা কৰাৰ অন্তত ৰাজনীতিত যোগ দি ভিন ভিন দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সাংবাদিকৰ সংখ্যা ভাৰতবৰ্ষক যথেষ্ঠ । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমো ।

কৰিমগঞ্জত হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে

কৰিমগঞ্জত সম্প্ৰতিৰ অনন্য নিদৰ্শন ৷ হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে ৷ ধৰ্মীয় সংঘাতৰ মাজতে সমাজলৈ আদৰ্শনীয় বাৰ্তা দাঙি ধৰিলে ইছলাম ধৰ্মৰ লোককেইজনে ৷

পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাকাৰীৰ সন্ধান লাভ আৰক্ষীৰ

মহানগৰীৰ মালিগাঁৱৰ লক কলনিত শুকুৰবাৰে নিশা সংঘটিত হোৱা বিকি সূত্ৰধৰ হত্যাকাণ্ডৰ হত্যাকাৰীৰ কিছু তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ হত্যকাণ্ডত সেই অঞ্চলৰে অজয় গোৱালা নামৰ যুৱকজন জড়িত থকাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ৷

ডকমকা ডাইনী কাণ্ড সন্দৰ্ভত পুনৰ ৯ জনক গ্ৰেপ্তাৰ

৩০ ছেপ্টেম্বৰত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰত সংঘটিত হোৱা ডাইনী কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পুনৰ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই ৯ জনৰ লগতে বৰ্তমানলৈকে মুঠ ১৮ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

ৰাজ্যজুৰি APDCL কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

শাসনাধিস্থ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ এপদ এপদকৈ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰিল ৰঙিয়া ৷ শেহতীয়াভাৱে শক্তি বিভাগক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ যো-জা চলোৱাত জাঙুৰ খাই উঠিছে APDCL ৰ কৰ্মচাৰীসকল।

নদী আৰক্ষীৰ বৃহৎ সফলতাঃ তিনিখন নাৱৰ পৰা জব্দ বৃহৎ সংখ্যক অবৈধ গৰু

গোৱালপাৰাত অবৈধ গৰু জব্দ ৷ তিনিখন নাৱেৰে সৰবৰাহ কৰাৰ সময়ত নদী আৰক্ষীয়ে জব্দ কৰে গৰু সমূহক ৷ লগতে আটক কৰে সৰবাৰাহকাৰীক ৷


কাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল শেষ হোৱাৰ পথত । ৩১ অক্টোবৰত মুখ্য সচিবগৰাকীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব যদিও পুনৰ ছমাহৰ বাবে তেওঁৰ কাৰ্যকাল ৰাজ্য চৰকাৰে বৃদ্ধি কৰাটো প্ৰায় চূড়ান্ত হৈছে ।

কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ

অভিনেত্ৰী কংগনা ৰাণাৱটো সেইসকল অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে, যিসকলে ছমাহৰো অধিক সময় মহামাৰীজনিত কাৰণৰ বাবে অব্যাহত লক ডাউনৰ পাচত পুনৰ চিনেমাৰ ছেটলৈ ঘূৰি আহে ৷

ABOUT THE AUTHOR

...view details