ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি
শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।
গোসাইগাঁৱত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ বৰ্তমানেও বনাঞ্চল খনত অভ্যাহত আছে আৰক্ষী এছ এছ বিৰ যৌথ অভিযান ৷
ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি
আলফাই প্ৰেছ বিবৃতি যোগে সদৰি কৰি জনাই যে, মোহিনি মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শকীয়াক সংযুক্ত মুক্তি বাহিনী অসমে নিজৰ জিম্মাত লোৱাৰ পিছতে ONGC য়ে, ভাৰতীয়ে সেনা বাহিনী আৰু অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে সন্মিলিত ভাবে অভিয়ান চলাই মুকলি কৰি নিবলৈ চেষ্টা চলোৱাৰ ফলত একাধিক বাৰ আলফা (স্বাধীন) আৰু সেনা বাহিনীৰ মাজত নিশা 10 বজাৰ পৰা 2.30 বজালৈ সংঘষৰ সূত্ৰপাত্ৰ হয় ৷
এক প্ৰত্যাহ্বানপূৰ্ণ অভিযানৰ দিশে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমণ
ন্যায়াধীশ ৰমণৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান । কেৱল অমীমাংসিত গোচৰৰ বোজা হ্ৰাস কৰাই নহয়, খালী পদবোৰ পূৰণ কৰাৰ বাবেও ন্যায়াধীশ ৰমণৰ কলেজিয়ামত এক কঠিন কাম আছে । সমগ্ৰ দেশতে অমীমাংসিত গোচৰসমূহ ৪.৪ কোটিৰ সীমাত উপনীত হোৱাৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ভাৰতৰ সংবিধানৰ ২২৪ এ অনুচ্ছেদৰ অধীনত এডহ’ক ন্যায়াধীশ নিযুক্তিৰ বাবে সেউজ সংকেত প্ৰদান কৰে ।
ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !
শিমলুগুৰি আৰক্ষী থানাত শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সংবাদ মেল । এই সংবাদমেলৰ পাচতে চৰ্চালৈ আহিছে বিপ্লৱজ্যোতি মহনৰ নাম ৷ বিপ্লৱজ্যোতি মহনক সহায় কৰিছিল বিৰাজ চেতিয়াই ৷