অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 7AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jan 16, 2021, 9:03 AM IST

চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য

আৰক্ষী চকীৰ সন্মুখতেই ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটিলে ধন। ব্যৱসায়ীক পথৰ ওপৰতে বগৰাই ধন লৈ উধাও দুৰ্বৃত্ত ।

6 খন জিলাৰ বাবে শোণিতপুৰ পালেহি ক'ভিড ভেকচিন

16 জানুৱাৰীত প্ৰথম পৰ্যায়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়,টাইমছ হাস্পতাল আৰু ঢেকীয়াজুলি চাৰ্কল হেলথ কেন্দ্ৰত ভেকচিন প্ৰদান কৰিব শোণিতপুৰ স্বাস্থ্য বিভাগে ৷

কৰ্কট ৰোগক পৰাস্ত কৰা এজন ব্যক্তিৰ প্ৰশংসনীয় প্ৰদক্ষেপ

সততে চ'ছিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত আৰু কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায় কৰাৰ লগতে মানসিকভাৱে শক্তি প্ৰদান কৰি সমাজৰ কাৰণে কাম কৰি গৈছে শ্ৰীমন্ত দত্তই ।

21 জানুৱাৰীৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা

২১ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ জোনবিল মেলা ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে মেলাৰ প্ৰস্তুতি । এইবাৰৰ মেলাতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ বিশ্ব শৰ্মা, স্থানীয় বিধায়কদ্বয় ক্ৰমে পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷

শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

শনিবাৰৰ পৰা অসমৰ ৬৫ টা স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত ঘোষণা কৰে এই কথা ।

আমৰণ অনশন প্ৰত্যাহৰ সত্যৰঞ্জন বৰাৰ

হোজাই থানাৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিয়া হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই অনশন প্ৰত্যাহাৰ কৰিছে ৷ হোজাই আৰক্ষীত দাখিল কৰাৰ এজাহাৰ গ্ৰহণ নকৰাৰ বাবে অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুকাৰ দিছিল সত্যৰঞ্জন বৰাই ৷

ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী

বিগত সময়ত পাকিস্তানে ৪৪ শতাংশকৈও অধিক যুদ্ধ বিৰতি উলংঘন কৰিছে আৰু ই পাকিস্তানৰ ভয়ংকৰ পৰীক্ষণক প্ৰতিফলন কৰে । পাকিস্তানে প্ৰায়ে সন্ত্ৰাসবাদীসকলক জম্মু আৰু কাশ্মীৰেদি প্ৰৱেশক সহায় কৰাৰ বাবে গোলাবৰ্ষণ কৰে: সেনা প্ৰধান

ৱাঘা সীমান্তৰ দৰে অসম-বাংলাদেশ সীমান্তত চলিব পেৰেড

কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰো লাইনত থকা পিলাৰৰ পৰা ২০ বিঘা মাটি লাগিব পেৰেডৰ বাবে । ফুট পাৰ্ক,দৰ্শক বহিবলৈ ঠাইৰ লগতে আনুসংগিক ঘৰ থাকিব জিৰ' লাইনত ।

জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলত হেলিকপ্টাৰযোগে ক'ভিড ভেকচিন যোগানৰ ব্যৱস্থা

জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে ক'ভিড ভেকচিন ৷ হেলিকপ্টাৰৰ জৰিয়তে স্বায়িত্ব শাসিত ৰাজ্য খনৰ দূৰ্গম অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হয় এই ভেকচিন সমূহ ৷

11 গৰাকীৰ মহিলাক বিয়া কৰাই আৰক্ষীৰ জালত 22 বছৰীয়া যুৱক

ফেচবুকৰ জৰিয়তে প্ৰেমৰ জাল পাতি 11 গৰাকী যুৱতী আৰু কিশোৰীৰ স্বামী হ'ল 22 বছৰীয়া এগৰাকী যুৱক ৷ নিজৰেই এগৰাকী পত্নীৰ অভিযোগৰ ভিত্তিত অৱশেষত আৰক্ষীৰ জালত পৰিল 22 বছৰীয়া গনেশ নামৰ যুৱক গৰাকী ৷

ABOUT THE AUTHOR

...view details